ETV Bharat / state

একাংশ মাধ্যমে ঘনশ্যাম দাস সন্দৰ্ভত প্ৰচাৰ কৰা বাতৰি ভিত্তিহীন : নৱ শৰণীয়া - ghanasyam das

ঘনশ্যাম দাস সন্দৰ্ভত একাংশ মিডিয়াই প্ৰচাৰ কৰা বাতৰিক ভিত্তিহীন আখ্যা নৱ শৰণীয়াৰ ৷ উচ্চ ন্যায়ালয়ে ঘনশ্যাম দাসক নিৰ্দোষী বুলি কোৱাৰ পিছতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি প্ৰকাশ গণ সুৰক্ষা পাৰ্টীৰ সবাপতিগৰাকীৰ ৷

gana surakha party
gana surakha party
author img

By

Published : Dec 17, 2020, 9:30 PM IST

বাক্সা, ১৭ ডিচেম্বৰ : সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত দিহিৰা সমষ্টিৰ পৰা জয়লাভ কৰা গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তথা বিটিচি চৰকাৰৰ বৰ্তমানৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ ওপৰত একাংশ মিডিয়াই মিছা তথা ভিত্তিহীন বাতৰি প্ৰচাৰ কৰিছে বুলি মত ব্যক্ত কৰিছে নৱ কুমাৰ শৰণীয়াই । ঘনশ্যাম দাসক সাম্প্ৰতিক সময়ত শুভেচ্ছা তথা আশীৰ্বাদ দিয়াৰ পৰিৱৰ্তে এই ধৰণৰ বাতৰি প্ৰচাৰ কৰাটো ভুল বুলি কয় সাংসদ শৰণীয়াই ।

পূৰ্বে ঘনশ্যাম দাসৰ সন্দৰ্ভত ওলোৱা এক ঘটনাৰ বাবে ডি এন এ পৰীক্ষাত কোনো প্ৰমাণ নোপোৱাত আৰু ছোৱালী জনীৰ স্পষ্টীকৰণৰ ওপৰত ভিত্তি কৰি তেওঁক উচ্চ ন্যায়ালয়ে নিৰ্দোষী বুলি স্বীকৃতি দিয়া বুলি জনাইছে নৱ শৰণীয়াই ৷ তাৰ পিছতহে জি এচ পিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বুলি সাংসদগৰাকীয়ে ব্য়ক্ত কৰে । ইয়াৰ বাবে ঘনশ্যাম দাসৰ পৰিয়াল তথা ৰাইজক মনোবল অটুত ৰাখিবলৈও তেওঁ আহ্বান জনায় । ঘনশ্যাম দাসৰ বিৰুদ্ধে অপ প্ৰচাৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও দোহাৰে সাংসদ গৰাকীয়ে ।

একাংশ মাধ্যমে ঘনশ্যাম দাস সন্দৰ্ভত প্ৰচাৰ কৰা বাতৰি ভিত্তিহীন

ইয়াৰপোৰি বৰ্তমানৰ বিটিচি চৰকাৰখনে কিছু গতি লোৱাৰ পিছত ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিব বুলি তেওঁ উল্লেখ কৰে । তাৰোপৰি বিটিচিত সকলো জাতি-জনগোষ্ঠীয়ে যাতে ভাতৃত্ববোধ ৰক্ষা কৰি সমিলমিলেৰে বসবাস কৰে তাৰ বাবে সকলোকে অনুৰোধ জনায় । ইয়াৰ লগতে হাগ্ৰামাই চৰকাৰ গঠনৰ সপোন দেখি লাভ নাই বুলিও উল্লেখ কৰে গণ সুৰক্ষা পাৰ্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াই ৷
লগতে পঢ়ক : পৰ্যটনৰ নতুন সম্ভাৱনা ইতিহাস সমৃদ্ধ চাচনি মেৰবিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.