বাক্সা, 29 ফেব্ৰুৱাৰী : বিগত লোকসভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতি দুভাগত বিভক্ত হৈ অবড়ো সুৰক্ষা সমিতি যোগেশ্বৰ কলিতা গোট আৰু সাংসদ নৱ কুমাৰ শৰণীয়া গোট গঠন হৈছিল । শনিবাৰে বাক্সাৰ বৰঘুলীৰ এপিজে আব্দুল কালাম হাইস্কুলত অনুষ্ঠিত সভাত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি যোগেশ্বৰ কলিতা আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই একেখন মঞ্চতে মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰা কাৰ্যই তৎপৰ্য বহন কৰিছে ।
উল্লেখ্য যে, বিগত লোক সভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি যোগেশ্বৰ কলিতাই কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাইছিল । স্বাভাৱিকতে যোগেশ্বৰ কলিতাক পুনৰ দললৈ আনিবলৈ সক্ষম হোৱাত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মুখত হাঁহি বিৰিঙি উঠা পৰিলক্ষিত হয় । আনহাতে, বিজেপি চৰকাৰে প্ৰমোদ বড়োক যিমান চেষ্টা কৰিলেও বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে প্ৰতিষ্ঠা কৰাত সফল হ'ব নোৱাৰিব আৰু হাগ্ৰামা মহিলাৰীয়ে নিজকে বচোৱাৰ যিমানেই চেষ্টা নকৰক কিয় এইবাৰ আমাৰ সন্মিলিত শক্তিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ৷ ইয়াৰ লগতে শৰণীয়াই কয় যে, ২০১৯ ৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে ইয়াৰ প্ৰমাণ দিয়া হৈছে ৷
আৰু পঢ়ক : বাক্সাৰ কুমাৰীকাটাত দ্বিতীয় বাৰ্ষিক পুষুণা মেলা আৰম্ভ