ETV Bharat / state

বাক্সাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Nov 8, 2020, 8:33 PM IST

বিপিএফ দলে ছয় হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰা বুলি প্ৰমোদ বড়োৱে কৰা অভিযোগৰ প্ৰত্যুত্তৰত প্ৰমিলা ৰাণী ব্ৰহ্মই কলে, বিটিচিত ধুনীয়া ধুনীয়া ৰাস্তা হৈছে, স্কুল কলেজ হৈছে ৷ এইবোৰ ক’ৰ পৰা সম্ভৱ হ’ল বুলি ওলোটাই প্ৰশ্ন কৰে প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

Minister Pramila Rani Brahma election campaign at Baksa
বাক্সাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

বৰমা, 8 নৱেম্বৰ: বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে বিভিন্ন দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ এই ক্ষেত্ৰত পিছ পৰি থকা নাই বিপিএফ দলেও ৷ দেওবাৰে ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিত সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উপস্থিত হৈ বিপিএফ দলৰ প্ৰাৰ্থী ৰাজু বৰালৰ হৈ চলায় নিৰ্বাচনী প্ৰচাৰ ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ব্ৰহ্মই কয় যে, দিহিৰা সমষ্টিত দলীয় সদস্যই এইদৰে যদি কষ্ট কৰি প্ৰচাৰ চলাই থাকে, তেনেহলে জয়ী হোৱাতো নিশ্চিত ৷

সমষ্টিটোত প্ৰচাৰ চলাবলৈ গৈ বিজেপি দলৰে ৰাজ্য চৰকাৰত মিত্ৰতাত থাকি প্ৰচাৰ চলাই থকাৰ ক্ষেত্ৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ক’লে, সকলো দলেই নিজৰ নিজৰ দলৰ প্ৰচাৰ কৰিব পাৰে ৷ তাত কোনো বাধা নায় ৷

দলীয় প্ৰাৰ্থী থকাৰ পিছতো কি কাৰণত দলৰ এজন সদস্যই নিৰ্দলীয় ভাবে প্ৰতিদন্দিতা কৰিছে বুলি সোধাত মন্ত্ৰীগৰাকীয়ে লাহে লাহে সকলো সমাধান হ’ব বুলি উল্লেখ কৰে ৷ আনহাতে বিপিএফ দলে ছয় হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰা বুলি প্ৰমোদ বড়োৱে কৰা অভিযোগৰ প্ৰত্যুত্তৰত প্ৰমিলা ৰাণী ব্ৰহ্মই বিটিচিত হোৱা ধুনীয়া ধুনীয়া ৰাস্তা, স্কুল কলেজ, এইবোৰ ক’ৰ পৰা সম্ভৱ হ’ল বুলি ওলোটাই প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: অসম-মিজোৰাম সীমান্তত উপস্থিত কংগ্ৰেছৰ সজাতি দলক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.