ETV Bharat / state

কৃষি বিধেয়ক বাতিলৰ দাবীৰে ৰাজ্যজুৰি নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

author img

By

Published : Sep 25, 2020, 5:51 PM IST

Updated : Sep 25, 2020, 7:18 PM IST

কৃষি বিধেয়কৰ বিৰোধিতাৰে গোৰেশ্বৰত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ ৷ সংগঠনটোক সহযোগ দিয়ে SFI, DYFI ৰ লগতে মহিলা মৰ্চাৰ সদস্য সকলেও ৷ কৃষক বিৰোধী বিধেয়কখন বাতিলৰ দাবী প্ৰতিবাদকাৰী সকলৰ ৷ গোৱালপাৰাতো বিধেয়ক তিনিখনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ধুবুৰীতো সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Massive Protest In Assam Goreswar
কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীৰে গোৰেশ্বৰত ৰাইজৰ তীব্ৰ প্ৰতিবাদ

তামুলপুৰ, 25 ছেপ্তেম্বৰ : শেহতীয়াকৈ ৰাজ্যসভা আৰু লোকসভাত গৃহীত হোৱা কৃষি বিধেয়ক 2020 ৰ বিৰোধীতাৰে সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ 25 টাকৈ কৃষক সংগঠনৰ নেতৃত্বত শুকুৰবাৰে সমগ্ৰ দেশত ভাৰত বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷

দেশৰ লগতে অসমতো এই বন্ধৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷ বিজেপি চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰোধিতাৰে নিখিল ভাৰত কৃষক সভাই ভাৰত বন্ধ ঘোষণা কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীত SFI, DYFI ৰ লগতে মহিলা মৰ্চাৰ সদস্য সকলেও বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : তিনিচুকীয়াত আই পি এলক কেন্দ্ৰ কৰি ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ

ইফালে,এই বন্ধৰ প্ৰতি সহাৰি জনাই গোৰেশ্বৰৰ ব্যৱসায়ী প্ৰতিস্থান সমূহ বন্ধ ৰাখে । বন্ধৰ সমৰ্থক সংগঠন কেইটাই গোৰেশ্বৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদী সভা আয়োজন কৰি কৃষক বিৰোধী বিধেয়কখনৰ তীব্ৰ বিৰোধিতাৰে চৰকাৰক সমালোচনা কৰে ।

কৃষি বিধেয়ক বাতিলৰ দাবীৰে ৰাজ্যজুৰি নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

আনহাতে,প্ৰতিবাদৰ অন্তত সংগঠনটোৰ ৰাজ্যিক নেতা বিৰাজ ডেকাই সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰি কয় যে,বিজেপি নেতৃত্বতাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কৃষি বিধেয়কৰ জৰিয়তে কৃষকৰ অধিকাৰ খৰ্ব কৰিব ৷ এই বিধেয়কৰ জৰিয়তে কৃষকৰ সামগ্ৰী বনিক গোষ্ঠীক গতাই দিয়াৰ যো-যা চলাইছে ৷ অনতি পলমে,প্ৰতিবাদকাৰীয়ে কৃষি বিধেয়কখন নাকচ কৰাৰ দাবী জনাইছে, অন্যথা প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ লগতে প্ৰতিবাদকাৰী ৰাইজে ৷

লগতে পঢ়ক : বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান

আনহাতে,কৃষি বিধেয়কৰ বিৰোধিতাৰে গোৱালপাৰা জিলাতো নিখিল ভাৰত সভাৰ উদ্যোগত আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি,মটৰ শ্ৰমিক,ছাত্ৰ যুৱকৰ সহযোগত কেন্দ্ৰ চৰকাৰে গৃহীত কৰা কৃষি বিল তিনিখন বাতিল কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

Massive protests in Assam over Farmers Bill 2020

বিজেপি চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোদী মূর্দাবাদ,কৃষি বিল বাতিল কৰক,আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে । গোৱালপাৰা-ধুবুৰী বাছ আস্থানৰ সন্মুখত প্ৰতিবাদী সভা কৰি বিল তিনি খনৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰী ৰাইজে ।

লগতে পঢ়ক : বন বিভাগৰ অভিযানত কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ

উল্লেখ্য যে, প্ৰতিবাদী সভাত নিখিল ভাৰত কৃষক সভাৰ জিলা সম্পাদক অজিত কুমাৰ ডালু,সহ-সম্পাদক পাৰভেজ আলী আৰু কৃষক সভাৰ সদস্য শৈলেন দাসে বক্তব্য ৰাখি চৰকাৰৰ কৃষক আৰু কৃষি বিৰোধী নীতিৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

ইফালে, ধুবুৰীতো ভাৰত কৃষক সভাৰ আহ্বানত আৰু ধৰ্মশালা আঞ্চলিক কৃষক সভাৰ উদ্যোগত ধুবুৰীৰ ধৰ্মশালা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰে বিধেয়ক তিনিখন বাতিলৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিধেয়ক তিনিখন বাতিলৰ দাবীৰে বিভিন্ন ধৰণৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ৰাইজে ৷

লগতে পঢ়ক : গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা

Last Updated : Sep 25, 2020, 7:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.