ETV Bharat / state

বাক্সাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ

author img

By

Published : Jul 28, 2020, 2:58 PM IST

বাক্সাৰ 2নং ডোঙাৰগাঁৱত প্ৰায় ধাৰাবাহিকভাৱে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি চলাই গৈছে সন্ত্ৰাস ৷ নিশা পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে ডোঙাৰগাঁৱৰ বৰ্মন চুপাত প্ৰৱেশ কৰি গেন্দে বৰ্মন নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰি খাদ্য সামগ্ৰী খোৱাৰ লগতে লণ্ড-ভণ্ড কৰে ৷

Man Elephant conflict in baksa near indo bhutan border assam etv bharat news
বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

বাক্সা,28 জুলাই: বাক্সা জিলাত বিগত কিছুদিনৰ পৰা অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ জিলাখনৰ 2 নং ডোঙাৰগাঁৱত প্ৰায় ধাৰাবাহিকভাৱে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি চলাই গৈছে সন্ত্ৰাস ৷ নিশা পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে ডোঙাৰগাঁৱৰ বৰ্মন চুপাত প্ৰৱেশ কৰি গেন্দে বৰ্মন নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰি খাদ্য সামগ্ৰী খোৱাৰ লগতে লণ্ড-ভণ্ড কৰে ৷ হাতীৰ এই আক্ৰমণৰ ফলত স্বাভাৱিকতে আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷

বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

উল্লেখ্য যে,ভাৰত-ভূটান সীমান্তত অবৈধ বন ধ্বংস যজ্ঞ চলি অহাৰ বাবে তীব্ৰ খাদ্য সংকটত ভূগিছে বন্য হস্তীসমূহে ৷ ফলত হাতীৰ জাকসমূহ খাদ্যৰ সন্ধানত ওলাই আহি প্ৰৱেশ কৰে জন অৰণ্যত ৷ সঘনে হোৱা এনে ঘটনাই হস্তী-মানৱৰ মাজত বৃদ্ধি কৰিছে সংঘাত ৷ কিন্তু ভাৰত-ভূটান সীমান্তৱৰ্তী জিলা হোৱা হেতুকে বাক্সাত দীৰ্ঘদিনৰ পৰাই অব্যাহত আছে হস্তী-মানৱৰ সংঘাত ৷ উল্লেখ্য যে,বিগত কিছুদিন পূৰ্বে অঞ্চলটোত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল এটা বনৰীয়া হাতীয়ে ৷

লগতে চাওকঃ ৰাজ্যত বানত নিহতৰ সংখ্যা 103 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.