ETV Bharat / state

অসম গ্ৰামীণ বিকাশ বেংকত উত্তপ্ত পৰিস্থিতি - আৰক্ষী

বৰমাৰ অসম গ্ৰামীণ বিকাশ বেংকত উত্তপ্ত পৰিস্থিতি ৷ বেংক বিষয়াই গ্ৰাহকক জমাধনৰ বহী-এনঅ’চি নিদিয়াৰ অভিযোগ ৷ আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

Hungama at AGVB Bank in barama baksa etv bharat news
উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
author img

By

Published : Nov 10, 2020, 7:14 PM IST

বাক্সা,10 নৱেম্বৰ: বাক্সা জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল বৰমাৰ অসম গ্ৰামীণ বিকাশ বেংকত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ বেংকৰ জমা বহীৰ পৰা গ্ৰাহকৰ ধন হৰলুকি হোৱাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, বেংকটোৰ শাখা প্ৰৱন্ধক ভানুমতী ব্ৰহ্ম আৰু সহকাৰী শাখা প্ৰৱন্ধক চম্পা দাসে বিগত 4-5 মাহে গ্ৰাহকক ঘূৰাই দিয়া নাই আপ-টু-ডেট কৰা জমা বহীসমূহৰ লগতে ঋণ পৰিশোধৰ এনঅ’চি ৰ প্ৰমাণপত্ৰ ৷ সমান্তৰালভাৱে গ্ৰাহকৰ হেৰুওৱা বহীসমূহো ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বেংক বিষয়া দুগৰাকীৰ বিৰুদ্ধে ৷

উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

অৱশেষত মঙলবাৰে গ্ৰাহকসকলে বেংকটোত উপস্থিত হৈ জমা বহীসমূহ বিচৰাত বেংক কৰ্তৃপক্ষই মেচিন বেয়া বুলি কৈ গ্ৰাহকসকলক বেংকৰ পৰা ওলাই যোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷ বেংক কৰ্তৃপক্ষৰ এনে আচৰণত ক্ষুব্ধ হৈ পৰে উপস্থিত গ্ৰাহকসকল আৰু বেংক কৰ্তৃপক্ষৰ সৈতে মতানৈক্যত লিপ্ত হয় ৷ গ্ৰাহকৰ এনে ৰুদ্ৰমূৰ্তি দেখি শাখা প্ৰৱন্ধক ভানুমতী ব্ৰহ্ময়ে এনঅ’চিৰ প্ৰমাণপত্ৰবোৰ ঘূৰাই দিয়ে যদিও এই পৰ্যন্ত ঘূৰাই দিবলৈ সক্ষম হোৱা নাই জমা বহীসমূহ ৷ ঘটনাস্থলীত অৱশেষত বৰমা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

লগতে চাওকঃ আজি আইপিএলৰ মহাৰণত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.