বাক্সা, 6 জুলাইঃ বাক্সাৰ মুছলপুৰত NRC ৰ শুনানি আৰু নথি পত্ৰ পৰীক্ষণত বিষোদগাৰ প্ৰকাশ প্ৰাক্তন বিটিচিৰ কাৰ্যবাহী সদস্য ৰবীনবালা বিশ্বাসৰ ৷ শুকুৰবাৰে NRC ৰ শুনানি কেন্দ্ৰত উপস্থিত হৈ ছাত্ৰ সংগঠন আৰু এন আৰ চিৰ সেৱা কেন্দ্ৰত কৰ্মৰত একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে বিটিচি সদস্য গৰাকীয়ে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত প্ৰকাশ পোৱা খচৰাত প্ৰাক্তন বিটিচি সদস্য গৰাকী আৰু তেঁওৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হৈছিল যদিও ৰহস্যজনকভাৱে তালিকাৰ পৰা বাদ পৰে তেওঁৰ পুত্ৰ আৰু কন্যাৰ নাম ৷ আনহাতে, বাক্সাৰ একাংশ ছাত্ৰ সংগঠনে নিয়মিতভাৱে ৰবীন বালা বিশ্বাসৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা কথাটোত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে । নথি পত্ৰ পৰীক্ষণ আৰু শুনানিৰ নামত দূৰণিবটীয়া ৰাইজে নিতৌ তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলিও অভিযোগ কৰে প্ৰাক্তন বিটিচিৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ।
NRC উন্নীতকৰণৰ নামত হাৰাশাস্তি বিটিচি কাৰ্যবাহী সদস্যক - etv bharat assam
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত প্ৰকাশ পোৱা খচৰাত প্ৰাক্তন বিটিচি সদস্য গৰাকী আৰু তেঁওৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হৈছিল যদিও ৰহস্যজনকভাৱে তালিকাৰ পৰা বাদ পৰে তেওঁৰ পুত্ৰ আৰু কন্যাৰ নাম
বাক্সা, 6 জুলাইঃ বাক্সাৰ মুছলপুৰত NRC ৰ শুনানি আৰু নথি পত্ৰ পৰীক্ষণত বিষোদগাৰ প্ৰকাশ প্ৰাক্তন বিটিচিৰ কাৰ্যবাহী সদস্য ৰবীনবালা বিশ্বাসৰ ৷ শুকুৰবাৰে NRC ৰ শুনানি কেন্দ্ৰত উপস্থিত হৈ ছাত্ৰ সংগঠন আৰু এন আৰ চিৰ সেৱা কেন্দ্ৰত কৰ্মৰত একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে বিটিচি সদস্য গৰাকীয়ে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত প্ৰকাশ পোৱা খচৰাত প্ৰাক্তন বিটিচি সদস্য গৰাকী আৰু তেঁওৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হৈছিল যদিও ৰহস্যজনকভাৱে তালিকাৰ পৰা বাদ পৰে তেওঁৰ পুত্ৰ আৰু কন্যাৰ নাম ৷ আনহাতে, বাক্সাৰ একাংশ ছাত্ৰ সংগঠনে নিয়মিতভাৱে ৰবীন বালা বিশ্বাসৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা কথাটোত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে । নথি পত্ৰ পৰীক্ষণ আৰু শুনানিৰ নামত দূৰণিবটীয়া ৰাইজে নিতৌ তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলিও অভিযোগ কৰে প্ৰাক্তন বিটিচিৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ।
আনকি নথি পত্ৰ পৰীক্ষন আৰু শুনানীৰ নামত ২০০ - ৩০০ কি: মি: দুৰৰ পৰা মানুহ আহিব লগীয়া হোৱাত বহু সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰে প্ৰক্তন বিটিচি ই,এম গৰাকীয়ে ৷Conclusion:বাইট --- ৰবীন বালা বিশ্বাস, প্ৰাক্তন ই,এম, বিটিচি
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস