ETV Bharat / state

কলৰ ভুৰেৰে বিপদসংকুল যাত্ৰা ধমধমা-তামুলপুৰবাসীৰ - জাৰতালুক

বাক্সাৰ ধমধমা - তামুলপুৰ সংযোগী পথৰ জাৰতালুক অঞ্চলত পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বাঁহৰ দলং উটুৱাই নিয়াত বিপদজনক যাত্ৰা অব্যাহত ৰাখিছে জনসাধাৰণে ৷

বাক্সাত বিপদসংকুল যাত্ৰা অব্যাহত জনসাধাৰণৰ
author img

By

Published : Jun 23, 2019, 1:51 PM IST

বাক্সা, 23 জুন : বাক্সা জিলাৰ অন্তৰ্গত ধমধমা - তামুলপুৰ সংযোগী পথৰ জাৰতালুক অঞ্চলত পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বাঁহৰ দলং উটুৱাই নিয়াত বিপদজনক যাত্ৰা অব্যাহত ৰাখিছে জনসাধাৰণে ৷ শেহতীয়াকৈ ভূটানত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নৈৰ ঢলে তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত বাট - পথ আৰু দলং উটুৱাই নিছিল ৷ সম্প্ৰতি মৰণত শৰন দি কলৰ ভুৰেৰে যাতায়ত অব্যাহত ৰাখিছে বিভিন্ন প্ৰান্তৰ পথচাৰীয়ে ৷ স্কুল - কলেজৰ ছাত্ৰ - ছাত্ৰীসকলেও অতি বিপদজনক ভাৱে অহা - যোৱা কৰিবলগীয়া হোৱাত সমস্যাৰ সন্মুখীন হৈছে ৷

বাক্সাত বিপদসংকুল যাত্ৰা অব্যাহত জনসাধাৰণৰ

উল্লেখ্য যে, এই জাৰতালুকতে কিছুদিন পূৰ্বে বাঁহৰ দলঙেৰে পাৰ হ'বলৈ ৰাইজে দহ টকাকৈ ভৰিব লগা হোৱা দৃশ্য ইটিভি ভাৰতৰ জৰিয়তে কেইবাবাৰো সম্প্ৰচাৰ হৈছিল ৷ কিন্তু এতিয়া কলৰ ভুৰেৰে পাৰ হ'ব লগা হোৱাত ভৰিব লাগে বিশ টকাকৈ ৷ অঞ্চলটোৰ ৰাইজে প্ৰতি বছৰে এনেদৰে সমস্যাৰ সন্মুখীন হৈ থকাৰ পাছতো বিটিচি আৰু ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে জনসাধাৰণ ৷

Slug: as_bak_23jun_banana_both_vis1_to_vis2_7203823

বাক্সাৰ জাৰতালুকত পাগলাদিয়াৰ বাহৰ দলং উটুৱাই নিয়াত বিপজ্জনক যাতায়ত জনসাধাৰণৰ

এই দৃশ্য হৈছে বাক্সা জিলাৰ অন্তৰ্গত ধমধমা- তামুলপুৰ সংযোগী পথৰ জাৰতালুকত থকা পাগলদিয়া নদীৰ । যত শেহতীয়াকৈ ভূটানত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নদীৰ ঢলে তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলাই বাট-পথৰ লগতে উটুৱাই নিছিল দলং ৷ যাৰ ফলত সম্প্ৰতি কলৰ ভূৰেৰে যাতায়তৰ এক মাত্ৰ ভৰসা হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পথচাৰীৰ।
কলৰ ভূৰৰ ওপৰেৰে মৰণত শৰন দি অতি বিপজ্জনক ভাৱে আহ-যাহ কৰিবলগীয়া হৈছে ছাত্র ছাত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজ ৷ উল্লেখ্য যে এই জাৰতালুকতে কিছু পূৰ্বেও আমি বাহৰ দলংৰ ওপৰৰে পাৰ হবলৈ হলে দহ টকা ভৰি যাতায়তৰ কৰা দৃশ্য ইতিমধ্যে ইটিভি ভাৰতত কেইবাবাৰো সম্প্ৰচাৰ হৈছে । এতিয়া আপুনি এই কলৰ ভূৰেৰে যাতায়ত কৰিবলৈ হলে ভৰিব লাগিব বিশ টকা । তথাপি বিটিচি আৰু ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে ।এতিয়া জাতি ,মাটি ,ভেটিৰ কথা কোৱা চৰকাৰ খনে জিলাখন বিভিন্ন প্ৰান্তত গৰাহখনীয়াত ভেটি মাটি হেৰুৱাবলৈ উপক্ৰম হোৱা লোক সকলক  আৰু পথ যোগাযোগ ব্যাহত হোৱা পথৰ কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হে লক্ষণীয় হব ।

ভাষ্য : ১/২/ পথচাৰী

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.