ETV Bharat / state

বাক্সাৰ বাঙালীপাৰাত ভয়ংকৰ বানৰ তাণ্ডৱ

author img

By

Published : Jul 30, 2020, 6:12 PM IST

দেউচুঙা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে গাঁওখনৰ বিদ্যালয়,খেল পথাৰ,চিকিৎসালয়‌ আৰু শতাধিক লোকৰ বাসগৃহ। অতি শীঘ্ৰে মথাউৰি নিৰ্মাণ কৰি বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বানাক্ৰান্ত ৰাইজে ৷

Danger Flood At Baksha District
বাক্সাৰ বাঙালীপাৰাত ভয়ংকৰ বানৰ তাণ্ডৱ

বাক্সা, 30 জুলাইঃ ক'ৰণা মহামাৰীৰ সন্ত্ৰাসৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বান আৰু খহনীয়াৰ তাণ্ডৱ। তাৰ মাজতে বুধবাৰে নিশাৰ পৰা হোৱা মুষলধাৰ বৃষ্টিপাতৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা নৈ-উপনৈসমূহৰ লগতে দেউচুঙা নৈ‌ খনৰো ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে জলপৃষ্ঠ ।

বাক্সাৰ বাঙালীপাৰাত ভয়ংকৰ বানৰ তাণ্ডৱ

খৰস্ৰোতা নৈ খনৰ বাঢ়নী পানীয়ে বৃহস্পতিবাৰে বাক্সাৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঙালীপাৰাৰ শতাধিক লোকৰ বাসগৃহ বুৰাই পেলোৱাৰ লগতে নৈখনৰ বাঢ়নী পানীত ১নং ভোলাঝাৰ প্ৰাথমিক বিদ্যালয় চৌহদ,ভোলাঝাৰ বাঙালী পাৰা হাইস্কুলৰ খেল পথাৰ আৰু বাঙালীপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ জলমগ্ন হৈ পৰে। তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং ভোলাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষেৰে বৈ যোৱা দেউচুঙা নৈৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে বিদ্যালয়খন বুৰাই পেলোৱাৰ লগতে নৈখনত সৃষ্টি হোৱা খহনীয়া ফলত অঞ্চলটোৰ কণ কণ শিশুসকলৰ ভবিষ্যৎ গঢ় দিয়া প্ৰাথমিক বিদ্যালয়খনলৈ নৈখনে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। ইতিমধ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক লালমোহন আলীয়ে বিভাগীয় কৰ্তৃপক্ষ তথা গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াগৰাকীক বিষয়টো অৱগত কৰাইছিল যদিও আজিলৈকে কোনো সুফল নাপালে। ইফালে বিভাগীয় কৰ্তৃপক্ষই কিছুদিন পূৰ্বে নৈখনৰ পূৱ পাৰত মথাউৰি নিৰ্মাণ কৰিছে।

কিন্তু পশ্চিম দিশত এখন চৰকাৰী শিক্ষানুষ্ঠান থকা সত্ত্বেও মথাউৰি নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা গাঁওখনৰ স্থানীয় ৰাইজে। যাৰ ফলত প্ৰতিবছৰে এনেদৰে বানত প্লাবিত হৈ পৰে বিদ্যালয়খন। সেয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে স্থানীয় ৰাইজে নৈখনৰ পশ্চিম দিশত অতি শীঘ্ৰে মথাউৰি নিৰ্মাণ কৰি বিদ্যালয়খন ৰক্ষা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়ক- বানৰ প্ৰলয়ঃ মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.