ETV Bharat / state

বিটিচি নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বড়োভূমিত সংঘটিত হিংসাত্মক ঘটনা

author img

By

Published : Aug 9, 2020, 3:49 PM IST

বাক্সাৰ মুছলপুৰৰ হাজিৰাত নিশা বিপিএফ কৰ্মীক ইউপিপিএলৰ একাংশ লোকে দলবদ্ধ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অজন্তো বড়ো নামৰ এগৰাকী বিপিএফ কৰ্মী ৷

বড়োভূমিত সংঘটিত হিংসাত্মক ঘটনা
বড়োভূমিত সংঘটিত হিংসাত্মক ঘটনা

বাক্সা, 9 আগষ্ট: বিটিচি নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বড়োভূমিত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বাক্সাৰ মুছলপুৰৰ হাজিৰাত নিশা বিপিএফ কৰ্মীক ইউপিপিএল দলৰ একাংশ লোকে দলবদ্ধ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অনচুমৈয় খুংগুৰ বড়োৱে ৷ প্ৰায়েই দলটোৱে এনে ঘটনা সংঘটিত কৰি আছে বুলিও উল্লেখ কৰে তেওঁ ৷ নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীৰ ৷

বিপিএফৰ উত্থান দেখি ইউপিপিএল দল শংকিত হৈছে ৷ এনে ধৰণৰ ভিন্ন কাৰণত দলটোৱে পূৰ্বতেও এনে হিংসাত্মক ঘটনা সংঘটিত কৰিছে বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে অনচুমৈয় খুংগুৰ বড়োৱে ৷ এই বিষয়ে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে বিপিএফ দলে প্ৰশাসনক অনুৰোধ জনাব বুলি জনায় অনচুমৈয় খুংগুৰ বড়োৱে ৷ নিশা শুই থকা অৱস্থাৰ পৰা মাতি আনি বিপিএফ কৰ্মী অজন্তো বড়োক আক্ৰমণ কৰাৰ কথা জানিবলৈ দিয়ে খোদ আক্ৰমণৰ বলি হোৱা লোকগৰাকীয়ে ৷ প্ৰায় 40 গৰাকী লোকেৰে ভৰা এটা দলে আহি বিপিএফ দলত যোৱাৰ বাবেই লোকগৰাকীক আক্ৰমণ কৰিছে বুলি উল্লেখ কৰে ভুক্তভোগীয়ে ৷

বিটিচি নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বড়োভূমিত সংঘটিত হিংসাত্মক ঘটনা

লগতে পঢ়ক: বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি ডাম্পাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.