কুমাৰীকাটা, 27 জানুৱাৰীঃ আজি বিটিএডিত বড়োসকলৰ মাজত বৈছে আনন্দৰ বন্যা ৷ নতুন দিল্লীত ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতে বিটিএডিত আনন্দত আত্মহাৰা হৈ পৰিছে বড়োসকল ৷ বিটিএডিৰ চাৰিওখন জিলাৰ বিভিন্ন প্ৰান্তত চুক্তি স্বাক্ষৰৰ পিচতে, ফটকা ফুটাই জনতাই আনন্দ উলাহ কৰাৰ সমান্তৰালকৈ আজি তামুলপুৰ, নাগ্ৰিজুলিকে ধৰি, কুমাৰীকাটা এবছুৰ কাৰ্যালয়ত ব্যাপক আনন্দ উলাহ পৰিলক্ষিত হয় ৷
বড়ো জনতাই খাম, চিফুঙৰ তালে তালে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি ফটকা ফুটাই, কুমাৰীকাটা আঞ্চলিক এবছুৰ কাৰ্যালয়ৰ সন্মুখত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে, বড়ো শান্তি চুক্তিৰ পিছত বিটিআৰৰ অবড়ো লোকৰ কোনোধৰনৰ ক্ষতি নহয় বুলি, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰাফেল দৈমাৰীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক ঃ বড়ো চুক্তিক লৈ বড়ো ভূমিত আনন্দৰ বন্যা