ETV Bharat / state

বিটিচি নিৰ্বাচনঃ ২৮ নং গৈয়বাৰী পৰিষদীয় সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী

author img

By

Published : Mar 14, 2020, 7:49 PM IST

Updated : Mar 14, 2020, 8:50 PM IST

আকৰ্ষণীয় বিটিচিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ বাক্সাৰ ২৮ নং গৈয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীক প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ বিপিএফৰ ৷

BTC Election 2020
বিটিচি নিৰ্বাচন

বাক্সা,14 মাৰ্চঃ শনিবাৰে ওদালগুৰিত যুৱ বিপিএফৰ সভাত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দ্বিতীয়খন নিৰ্বাচনী প্ৰাৰ্থী তালিকা ঘোষণা কৰে । দলটিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ লগে লগে তামুলপুৰ ব্লক বিপিএফৰ কাৰ্যালয়ত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হয় । তালিকাখনত ২৮ নং গৈয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীক প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰিব । ফলত দলীয় সমৰ্থকসকল উৎফুল্লিত হৈ পৰে । দলীয় তালিকা প্ৰকাশ পোৱাৰ পিছতে প্ৰাক্তন বিধায়কগৰাকীয়ে তামুলপুৰ ব্লক বিপিএফৰ কাৰ্যালয়ত উপস্থিত হৈ সমৰ্থকৰ সৈতে এক সভাত মিলিত হয় ।

সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী

প্ৰাক্তন বিধায়কগৰাকীয়ে বিৰোধী দলক তীব্ৰ প্ৰত্যাহ্বান জনাই কোনো দলৰ নেতাৰ নাম নোলোৱাকৈ কয় যে, "যিমান ডাঙৰ নেতা আহিলেও ইয়াত জয়ী হ’ব নোৱাৰিব । যিমান ডাঙৰ নেতা আহিলেও ইয়াত কাম নহ’ব । যদি লাজ ঢাকিব বিচাৰে তেতিয়াহ’লে নিৰ্বাচন নেখেলাই ভাল" বুলি মন্তব্য কৰে ৷

লগতে চাওকঃৰাজ্যসভা নিৰ্বাচনত হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল বিজেপিয়ে : ৰিপুন বৰা

Last Updated : Mar 14, 2020, 8:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.