ETV Bharat / state

মিছা কথা কৈ ১৭ বছৰে ৰাজত্ব কৰিলে হাগ্ৰামা মহিলাৰীয়েঃপ্ৰমোদ বড়ো - হাগ্ৰামা মহিলাৰী

বাক্সাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰে ৷

BTC 2020 UPPL election preparation meeting Baksa Assam etv bharat news
বাক্সা নিৰ্বাচনী সভা
author img

By

Published : Mar 15, 2020, 11:27 PM IST

বাক্সা,15 মাৰ্চঃ মিছা কথাৰ ভাণ্ডাৰ হাগ্ৰামা মহিলাৰী ৷ মিছা কথা কৈ কৈ ১৭ বছৰে ৰাজত্ব কৰিলে হাগ্ৰামাই ৷ বিজেপি চৰকাৰে বিবাহিতা মহিলাক ১তোলা সোণ দিম বুলি কোৱাৰ বিপৰীতে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে ২তোলাকৈ সোণ দিব বুলি দম্ভালি মাৰিছিল ৷ কিন্তু নৱ বিবাহিতা এজনী যুৱতীয়েও নাপালে সোণ ৷ এনেদৰে মিছা কথা কৈ কৈ হাগ্ৰামাই এইবাৰ বিটিআৰ চলাব নোৱাৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰমোদ বড়োৱে ৷

নিৰ্বাচনী সভাত প্ৰমোদ বড়ো

ইয়াৰ বাহিৰেও আইএৱাই ঘৰ,অনাময় আঁচনি,উজলা আঁচনিৰ পৰা বিটিআৰ বাসীয়ে দীৰ্ঘদিনে বঞ্চিত হৈ আছে ৷ প্ৰধানমন্ত্ৰী মনমোহন সিঙকো ৰাইজে ওফৰাই পেলাইছিল একমাত্ৰ পৰিৱৰ্তনৰ স্বাৰ্থত ৷ এইবাৰ পৰিৱৰ্তনৰ বাবে হাগ্ৰামাকো ওফৰাবলৈ ৰাইজ ওলাই আহিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ ইউপিপিএলে চৰকাৰ গঠন কৰিলে ৰাইজৰ হাতত থাকিব শাসন ব্যৱস্থা ৷ নিৰ্বাচিত প্ৰতিনিধিয়ে ৰাইজক বাদ দি একো কৰিব নোৱাৰে ৷ সকলো জনগোষ্ঠীৰে নিজ নিজ প্ৰতিনিধি উন্নয়ন পৰিষদ থাকিব বুলি কয় প্ৰমোদ বড়োই ৷

লগতে চাওকঃছালাকাটিত বিপিএফৰ হৈ নিৰ্বাচনত অংশ লব দেৰহাছাৎ বসুমতাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.