ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া - অফলা

বাক্সা, শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল নৈৰ বুকত জাহ গৈছে ৷ ঘৰৰবাৰী পৰ্যন্ত খহাই নিয়া তাণ্ডৱৰ পৰা কিছু লোকচান কমাবলৈ ৰাইজে বাৰীৰ গছ-গছনি কাটি নিৰাপদ স্থানত অৱস্থান কৰিছে । খহনীয়াই অফলা, চৰাইপৰা,মামল গড়ভঙা গাঁৱৰ প্ৰায় ৭০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ৷

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া
author img

By

Published : Sep 4, 2019, 7:04 PM IST

শিৱসাগৰ,বাক্সা, 4 চেপ্তেম্বৰঃ শিৱসাগৰৰ দিচাংমুখ অফলাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া ৷ বানৰ পাছত খহনীয়াৰ তাণ্ডৱে আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ ইতিমধ্যে ঘৰৰবাৰী পৰ্যন্ত খহাই নিয়া তাণ্ডৱৰ পৰা কিছু লোকচান কমাবলৈ ৰাইজে বাৰীৰ গছ-গছনি কাটি নিৰাপদ স্থানত অৱস্থান কৰিছে । খহনীয়াই অফলা,চৰাইপৰা,মামল গড়ভঙা গাঁৱৰ প্ৰায় ৭০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। আনহাতে,খহনীয়াৰ তাণ্ডৱ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাচতে মঙলবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে খহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে। অফলা গাঁও উন্নয়ন সমিতি আৰু টিএমপিকেই খহনীয়া প্ৰতিৰোধৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে । খহনীয়াৰ বুজ লৈ খহনীয়া ৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে জনপ্ৰতিনিধি দুগৰাকীয়ে। উল্লেখ্য যে,বিগত প্ৰায় বিশ বছৰে অঞ্চলবাসী ৰাইজে খহনীয়া ৰোধৰ দাবী জনাই আহিছে । কিন্তু গা লৰা নাই চৰকাৰ আৰু প্ৰশাসনৰ । যাৰ বাবে মন্ত্ৰী-সাংসদে খহনীয়াৰ বুজ ল'বলৈ অহা সময়তে দিচাংমুখ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

ইফালে বাক্সাত কালদিয়া নৈৰ প্ৰৱল গৰাখহনীয়াৰ ফলত কৃষিজীৱি ৰাইজৰ শ শ হেক্টৰ কৃষি ভূমি ইতিমধ্যে নৈৰ বুকুত জাহ যোৱাৰ লগতে চলিত বৰ্ষৰ বানত গাঁৱখনৰ মাজৰে যোৱা মূল পথটোৰ দুই ঠাইত গৰাখহনীয়াৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । আনফালে প্ৰৱল গৰাখহনীয়াৰ ফলত প্ৰায় ১৫ টা পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত জাহ গৈছে আৰু এটা পৰিয়াল জাহ যোৱাটো নিশ্চিত বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

Intro:Body:*দিচাংমুখ অফলাৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ বুজ লবলৈ মন্ত্ৰী-সাংসদ--স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে সাৱস্ত্য কৰিলে প্ৰতিবাদ*

Story--RIVER_ERROSION
Ananta Smith
Sivasagar
04th September

A_SVR_04TH_SEP_801-809_RIVER_ERROSION_7203499

শিৱসাগৰ জিলাৰ দিচাংমুখ অফলাত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে।১৯৯৮ চনৰ পৰা শ শ হেক্টৰ মাটি ব্ৰহ্মপুত্ৰত বিলিন কৰা এনে খহনীয়া কিছু বছৰ স্তিমিত হৈছিল যদিও চলিত বছৰৰ বানপানীৰ পাছত খহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে।ইতিমধ্যে ঘৰৰ বাৰী পৰ্যন্ত খহাই নিয়া এনে তাণ্ডৱৰ পৰা কিছু লোকচান কমাবলৈ ৰাইজে বাৰীৰ গছ-গছনি কাটি নিৰাপদ দূৰত অৱস্থান কৰিছে।এই খহনীয়াই অফলা,চৰাইপৰা,মামল গড়ভঙা গাঁৱৰ প্ৰায় ৭০০ পৰিয়ালক আক্ৰান্ত কৰিছে।জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে অস্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও ব্যৰ্থ হৈছে।

খহনীয়াৰ এনে তাণ্ডৱ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছত আজি জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে খহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে।অফলা গাওঁ উন্নয়ণ সমিতি আৰু টিএমপিকেই খহনীয়া প্ৰতিৰোধৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছে।নাওৰে পৰিভ্ৰমণ কৰি খহনীয়াৰ বুজ লৈ খহনীয়া ৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস অঞ্চলবাসী ৰাইজক প্ৰদান কৰিছে জনপ্ৰতিনিধি দুগৰাকীয়ে।

Bite1-মন্ত্ৰী-সাংসদ

বিগত প্ৰায় বিশ বছৰে এই অঞ্চলৰ ৰাইজে খহনীয়া ৰোধৰ দাবী জনাই আহিছে।কিন্তু গা লৰা নাই চৰকাৰ আৰু প্ৰশাসনৰ।এনে অৱস্থাত জোৰ পুৰি হাত পোৱাৰ সময়ত মন্ত্ৰী-সাংসদে খহনীয়াৰ বুজ লবলৈ অহাত দিচাংমুখ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।চিতলডুবা প্ৰাথমিক বিদ্যালয় আৰু অফলা হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে খহনীয়া ৰোধৰ দাবীত খহনীয়া বিধ্বস্ত অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Bite2-প্ৰতিবাদী ছাত্ৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.