ETV Bharat / state

বিটিচিৰ কামৰ কমিচন লাভেৰে দুৰ্নীতি কৰিছে প্ৰমোদে: চণ্ডী বসুমতাৰী

author img

By

Published : Jul 21, 2020, 6:05 PM IST

বাক্সাৰ নাগ্ৰীজুলিত বৰনদীৰ নৱনিৰ্মিত আইলেণ্ডৰ পৰা প্ৰমোদ বড়োক তীব্ৰ সমালোচনা বিপিএফ নেতা তথা প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ ৷ প্ৰাক্তন বিধায়ক গৰাকীয়ে ইউপিপিএল দলৰ সভাপতিগৰাকীক তীব্ৰ বাক্যবাণেৰে কটাক্ষ কৰি থকা সৰকা কৰে ৷

BPF candidate Chandi basumatary's reaction against UPPL baksa assam etv bharat news
ইউপিপিএলৰ বিৰুদ্ধে বিপিএফ নেতাৰ ক্ষোভ

বাক্সা,21 জুলাই: বিটিচিত দুৰ্নীতি সংঘটিত কৰিছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ বিটিচিত ইমান বছৰে সম্পন্ন হোৱা কাম-কাজৰ পৰা লাভ কৰা কমিচনেৰে এই দুৰ্নীতি কৰিছে প্ৰমোদে ৷ যদি বিটিচিত দুৰ্নীতিৰ তদন্ত হয় তেন্তে প্ৰমোদ বড়োকো তদন্তৰ আওতালৈ আনিব লাগে বুলি কঠোৰ সমালোচনা কৰে বিপিএফ নেতা তথা প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীয়ে ৷ বিজেপিৰ এগৰাকী এজেণ্ট হিচাপে কাম কৰা প্ৰমোদৰ ভূমিকাক ৰাইজে বুজি পোৱাৰ পিছত সস্তীয়া প্ৰচাৰেৰে ৰাজনীতিত নমাৰ কথাও ৰাইজে বুজি পাইছে বুলি বসুমতাৰীয়ে কটাক্ষ কৰে ৰাজনৈতিক দল ইউপিপিএল-ৰ সভাপতি বড়োক ৷

ইউপিপিএলৰ বিৰুদ্ধে বিপিএফ নেতাৰ ক্ষোভ

আনহাতে,বিপিএফৰ কামৰ শলাগ লৈ হাগ্ৰামা মহিলাৰীয়ে বিটিচিত শূণ্যৰ পৰা কাম কৰাৰ লগতে হাগ্ৰামাৰ দিনতে প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি বসুমতাৰীয়ে ঘোষণা কৰে ৷ বাকী আধৰুৱা ৩০ শতাংশ কাম কৰাৰ শীঘ্ৰে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰি বিটিচিত উন্নয়ন নোহোৱাৰ কথা কৈ কথাৰ ফুলজাৰি মৰা ব্যক্তিসকলক "পাৱাৰী চশমা" পিন্ধি উন্নয়ন চাবলৈ প্ৰত্যাহ্বান জনায় প্ৰাক্তন বিপিএফৰ বিধায়কগৰাকীয়ে ৷

লগতে চাওকঃ মুখ্যমন্ত্ৰী সোণোৱালক উভতি ধৰিলে ৰিপুণ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.