ETV Bharat / state

শালবাৰীত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Nov 16, 2020, 10:29 PM IST

৬৯ তম বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস বাক্সা জিলাৰ উলুবাৰীৰ খেৰাইশালী পথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ কাৰ্যসূচীত মুকলি সভাকে ধৰি একাধিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে বড়ো জাতীয় সাহিত্য- সংস্কৃতি প্ৰতিফলিত হোৱাকৈ এক আকৰ্ষণীয় শোভাযাত্ৰাও উলিওৱা হয় ৷

As_baksa_bodo_sahitya_xobha_img_as10029
শালবাৰীত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

বৰমা,১৬নবেম্বৰ: সোমবাৰে ৬৯ তম বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস বাক্সা জিলাৰ শালবাৰী চহৰৰ সমীপৰ উলুবাৰীৰ খেৰাইশালী পথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । ১৯৫২ চনৰ সোমবাৰৰ দিনটোতে বৰ্তমানৰ কোকৰাঝাৰ চহৰৰ বাসুগাঁৱত জয়ভদ্ৰ হাগজেৰৰ সভাপতিত্বত অনুষ্ঠিতি হোৱা সভাত প্ৰথম বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল । তাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰতিষ্ঠাকালৰ দিনটোতে প্ৰতিবছৰে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হৈ আহিছে ।

এইবেলিও বড়ো সাহিত্য সভাৰ শালবাৰী প্ৰাইমাৰী কমিটীৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সভাপতি ৰছেন মূছাহাৰীৰ দ্বাৰা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় । কাৰ্যসূচীত মুখ্য দ্বাৰ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অমল চন্দ্ৰ নাৰ্জাৰীয়ে । অতিথিশালা আৰু ৰান্ধনীশালৰ দ্বাৰ উন্মোচন কৰে অম্বৰ গয়াৰী আৰু মঞ্চ উদ্বোধন কৰে লম্বাৰ গয়াৰীয়ে ।

অনুষ্টুপীয়াকৈ আয়োজিত এদিনীয়া কাৰ্যসূচীত মুকলি সভাকে ধৰি একাধিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বড়ো জাতীয় সাহিত্য- সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বড়ো, খেৰাই, বাগড়ুম্বা আদি নৃত্যৰ সমাহাৰেৰে বড়ো সাহিত্য সভাৰ কৰ্মকৰ্তা আৰু কণ কণ শিশুসকলৰ সৈতে প্ৰায় দ্বি-শতাধিকৰ অংশগ্ৰহণেৰে এক আকৰ্ষণীয় শোভাযাত্ৰাও উলিওৱা হয়।

লগতে পঢ়ক: নাওবৈচাত নৱ সঞ্জীৱনীৰ উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.