ETV Bharat / state

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দৃষ্টিশক্তিহীন এজন শিক্ষিত যুৱক - দৃষ্টিশক্তিহীন যুৱক কাৰ্তিক ডেকা

কাৰ্তিক ডেকাৰ গাওঁখনৰ বহু লোকে বৰ্তমান সময়তো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰি আহিছে যদিও কাৰ্তিকৰ পৰিয়ালটোৱে আজিলৈকে এটা চৰকাৰী আৱাসগৃহ লাভ কৰিবলৈ সক্ষম নহ’ল ।

বঞ্চিত শিক্ষিত দৃষ্টিশক্তিহীন যুৱক কাৰ্তিক ডেকা

author img

By

Published : Sep 27, 2020, 12:36 PM IST

বাক্সা, 27 ছেপ্টেম্বৰ : বাক্সাৰ তামুলপুৰৰ এজন শিক্ষিত দৃষ্টিশক্তিহীন যুৱক কাৰ্তিক ডেকা ৷ চৰকাৰী কোনো আঁচনিয়ে চুব নোৱাৰা যুৱকজনে নিৰ্ভৰশীল হ'বলগীয়া হৈছে ভাতৃ ওপৰতে। কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাসী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দৰিদ্ৰ পৰিয়ালৰ বাবে হয় নে নহয় সেয়া এই পৰিয়ালটোক দেখিলেই অনুমান কৰিব পাৰি ।

কাৰ্তিক ডেকাৰ আত্মীয়ৰ প্ৰতিক্ৰিয়া

এগৰাকী শিক্ষিত যুৱক কাৰ্তিক ডেকা । ঘৰ হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১ নং উলুবাৰী পাৰ্বতী চক গাওঁৰ । কাৰ্তিকে প্ৰথমে শিক্ষা জীৱনৰ আৰম্ভণি কৰিছিল গুৱাহাটী বশিষ্ঠস্থিত অন্ধ বিদ্যালয়ত । এতিয়া তেওঁ পঞ্চম ষান্মাসিকৰ ছাত্ৰ । দেউতাক ঢুকুৱাৰ পিছত কাৰ্তিকে মাতৃ, ভগ্নী আৰু ভাতৃৰ উপৰিও ঘৰখন চলোৱাৰ দায়িত্ব গাত পাতি ল'ব লাগিছিল যদিও দৃষ্টিশক্তিহীন হোৱা বাবেই ভাতৃৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে কাৰ্তিকে ।

বঞ্চিত শিক্ষিত দৃষ্টিশক্তিহীন যুৱক কাৰ্তিক ডেকা

লকডাউনৰ পূৰ্বেই ১২৭ নং ডি পথৰ দাঁতিত এখন সৰু দোকান দিছিল যদিও কোনো অচিনাকি দুৰ্বৃত্তই দোকানখনৰ সামগ্ৰী সমূহ চুৰি কৰি নিয়ে ৷ ইয়াৰ পাছত এতিয়া কৰ্মহীন হৈ ঘৰতেই কাৰ্তিক ডেকাই অতিবাহিত কৰিবলগীয়া হৈছে জীৱন ‌।

কাৰ্তিক ডেকাৰ মাতৃৰ প্ৰতিক্ৰিয়া

কাৰ্তিক ডেকাৰ গাওঁখনৰ বহু লোকে বৰ্তমান সময়লৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিছে যদিও কাৰ্তিকৰ পৰিয়ালটোৱে আজিলৈকে এটা চৰকাৰী আৱাসগৃহ লাভ কৰিবলৈ সক্ষম নহ’ল ।

লগতে পঢ়ক : দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.