বাক্সা,8 ফেব্ৰুৱাৰী : বাক্সাৰ তামুলপুৰৰ গুৱাবাৰীত সোমবাৰে সফল সামৰণি পৰে শ্ৰীমদ ভাগৱত জ্ঞানযজ্ঞ আৰু শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ ৷ গুৱাবাৰী শান্তি আশ্ৰমত 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই মহাযজ্ঞ ৷
উল্লেখ্য যে, বিশ্ব শান্তি আৰু আধাত্মিক উন্নতিৰ কামনাৰ্থে বিগত বহু বছৰ ধৰি চলি আহিছে এই ধৰ্মীয় অনুষ্ঠান । প্ৰতিদিনেই চণ্ডী আৰু বেদ পাঠ, ভাগৱত প্ৰবচন, আৰতী শ্ৰৱণ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগমে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে শান্তি আশ্ৰমত । আশ্ৰমৰ বিষ্ণু মহাযজ্ঞত বহু দূৰ-দূৰণিৰ লোকে আহি ভাগ লয় ।
লগতে পঢ়ক : ৰাজ্যত গো-মাংসৰ মুক্ত বেহা বন্ধ কৰাৰ বাবে ন্যায়ালয়ত গোচৰ