ETV Bharat / state

বাক্সাৰ গোৰেশ্বৰত লাট মণ্ডলৰ দেহত কোভিড-19 পজিটিভ - হোম কোৱাৰেণ্টাইন

বৃহস্পতিবাৰে বাক্সাৰ গোৰেশ্বৰত গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল মহিৰুদ্দিন আহমেদৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷ ঘটনাক লৈ আতংকিত হৈ পৰিছে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ লগতে গোৰেশ্বৰবাসী ৷ গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জোনটি ডেকাই কৰ্মচাৰীসকলৰ বাবে ততাতৈয়াকৈ হোম কোৱাৰাণ্টাইনৰ ব্যৱস্থা কৰাৰ লগতে নিজেও হোম কোৱাৰেণ্টাইনত থাকিবলৈ লয় ৷

বাক্সাৰ গোৰেশ্বৰত লাট মণ্ডলৰ দেহত কোভিড-19 পজিটিভ

author img

By

Published : Jul 9, 2020, 4:06 PM IST

বাক্সা, 9 জুলাই : শেহতীয়াকৈ বাক্সাত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ বাক্সাৰ গোৰেশ্বৰত বৃহস্পতিবাৰে এগৰাকী লাট মণ্ডলৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত লোকজনৰ নাম মহিৰুদ্দিন আহমেদ আৰু তেওঁৰ ঘৰ হাজোত বুলি কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়ে ৷ এই ঘটনাক লৈ আতংকিত হৈছে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ লগতে গোৰেশ্বৰবাসী ৷

এই ঘটনাৰ পিছতে গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জোনটি ডেকাই কৰ্মচাৰীসকলৰ বাবে ততাতৈয়াকৈ হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে ৷ তেওঁ নিজেও নিজ বাসগৃহতে হোম কোৱাৰাণ্টাইনত থকাৰ কথা উল্লেখ কৰি ৰাইজক সজাগ আৰু সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ সকলো ৰাইজকে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সংবাদ মাধ্যমক ফোন যোগে আহ্বান জনায় চক্ৰ বিষয়াগৰাকীয়ে ৷

বাক্সাৰ গোৰেশ্বৰত লাট মণ্ডলৰ দেহত কোভিড-19 পজিটিভ

আনহাতে, অঞ্চলটোত কৰ’ণা পজিটিভ পোৱাৰ পিছতে ভয়াৱহ গণ সংক্ৰমণৰ আশংকা কৰিছে সচেতন লোকসকলে ৷ উল্লেখ্য যে, চৰকাৰে লক ডাউন ঘোষণা কৰাৰ পিছত স্তব্ধ হৈ পৰিছিল গোৰেশ্বৰবাসীৰ জনজীৱন ৷ চৰকাৰৰ আহ্বান মৰ্মে ৰাইজৰ মাজত সহায়ৰ বাবে আগবাঢ়ি আহিছিল কৰ্মচাৰীসকল ৷ দৰিদ্ৰসকললৈ চাউল বিতৰণত ব্যস্ত আছিল লাট মণ্ডল মহিৰুদ্দিন আহমেদ ৷ লগতে, তেওঁৰ কোনো ভ্ৰমণ বৃত্তান্ত নথকাৰ পিছতো তেওঁৰ দেহত হোৱা কৰ’ণাৰ অৱস্থিতিয়ে চিন্তিত কৰিছে গোৰেশ্বৰবাসী ৰাইজক ৷

লগতে পঢ়ক : অখিল গগৈসহ অন্যান্য নেতাসকলক উন্নত চিকিৎসা প্ৰদান দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.