ETV Bharat / state

পথৰ দুৰৱস্থাত দুৰ্ভোগ ভুগিছে বাক্সাবাসীয়ে - প্ৰকাণ্ড-প্ৰকাণ্ড গাঁত

বাক্সাৰ সুৱণখাটা-নিকাছি সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে, পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড-প্ৰকাণ্ড গাঁত

পথৰ দুৰৱস্থাত দুৰ্ভোগ ভুগিছে বাক্সাবাসীয়ে
author img

By

Published : Jun 30, 2019, 2:51 PM IST

চাপাগুৰি,৩০জুন : বাক্সাৰ সুৱণখাটা-নিকাছি সংযোগী পথৰ দুৰৱস্থা । এজাক বৰষুণতেই পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় গড়কাপ্তানী পথটোত । বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা । বিদ্যালয়লৈ যাব নোৱাৰ পৰিস্থিতি হৈ পৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে । পথটোৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগি আহিছে অঞ্চলবাসীয়ে । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । পথটোৰ দুৰাৱস্থা চাবলৈ তলৰ ভিডিঅ'টো ক্লিক কৰক...

Intro:বিধ্বস্ত গড়কাপ্টানী পথে জ্বলাকলা খুৱাইছে বাক্সাৰ নিকাছি বাসীক। বৰষুণ আহিলেই পুখুৰী সদৃশ হৈ পৰে সুৱনখাটা নিকাছি সংযোগী পথ। বছৰ বছৰ ধৰি বিধ্বস্ত পথেৰে অঞ্চলবাসীয়ে যাত্ৰা কৰি অহাৰ পাছতো নিৰ্বিকাৰ চৰকাৰ তথা প্ৰশাসন।Body:যেন পথ নহয় পুখুৰীহে,এজাক বৰষুণ আহিলেই পথৰ গাতবোৰ পুখুৰীৰ ৰূপ লয়। এই দৃশ্য বাক্সাৰ সুৱণখাটা-নিকাছি সংযোগী গড়কাপ্তানী পথৰ।বিশেষকৈ চাউলকাঢ়াৰ পৰা নিকাছিলৈ পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হোৱাৰ বাবে যাতায়াত ক্ষেত্ৰত সাধাৰণ ৰাইজৰ লগতে ছাত্র ছাত্রীসকলে যমৰ-জাতনা ভোগ কৰিবলগীয়া হৈছে। বৃহত্তৰ সুৱণখাটা অঞ্চলৰ ৰোগীসকলক লৈ ১০৮ সেৱা এম্বুলেন্সে মুছলপুৰলৈ এই পথেৰে যাবলগীয়া হয়, ফলত পথৰ বিধস্তৰূপে ৰোগীসকলে যথেষ্ট কষ্টৰ সন্মুখীন হবলগীয়া হয়।এতিয়া প্ৰশ্ন হয় এইয়াই নেকি হাগ্ৰামা মহিলাৰীয় মডেল বিটিচিৰ উন্নত বাট পথ ।Conclusion:বাইট-
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.