বাক্সা, 19 এপ্ৰিলঃ বাক্সাৰ ডুমুনীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ যাত্ৰীবাহী বাছৰ খুন্দাত প্ৰাণ গ'ল ৰঞ্জিৎ কলিতা নামৰ এজন লোকৰ ৷ নিহত ৰঞ্জিৎ কলিতা বিটিচিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ এম চি এল এ ঘনশ্যাম দাসৰ গাড়ীৰ চালক ৰূপে নিয়োজিত আছিল ৷ মৃত ব্যক্তিজনৰ ঘৰ বজালীৰ খাৰাধাৰাত । পথৰ কাষত থিয় হৈ থকা অৱস্থাতে বাছখনে মহটিয়াই নিয়ে চালকজনক ৷
দুৰ্ঘটনাটোৰ পিছতে উত্তেজিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷ উত্তেজিত ৰাইজে উত্তম মাধ্যম সোধালে দুৰ্ঘটনা সংঘটিত কৰা বাছৰ চালক জনক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গণপ্ৰহাৰৰ পৰা উদ্ধাৰ কৰে বাছ চালক জনক ৷ ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷