ETV Bharat / state

কৃত্ৰিম বানত জলমগ্ন বাক্সাৰ বৃহত্তৰ অঞ্চল

author img

By

Published : Sep 9, 2020, 4:53 PM IST

কৃত্ৰিম বানত জীয়াতু ভুগিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সীমান্ত কেইবাখনো গাঁও ৷ ভগ্ন মথাউৰিয়েদি পাগলাদিয়াৰ বাঢ়নী পানী সোমাই জাৰতালুক গাঁৱৰ লগতে তামুলপুৰ-ধমধমা গড়কাপ্তানী পথও পানীৰ তলত ৷ ফলত যোৱা দুদিন ধৰি বন্ধ হৈ আছে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা ৷

Artificial flood in Tamulpur sub division of Baksha district
জলমগ্ন বাক্সাৰ বৃহত্তৰ অঞ্চল

বাক্সা,9 ছেপ্তেম্বৰ: চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পাহাৰীয়া অঞ্চলত কেইবাদিন ধৰি হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে পাগলাদিয়া নদীৰ জলস্তৰ ৷ ফলত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সীমান্তৰ জাৰতালুক গাঁৱৰ ভগ্ন মথাউৰিয়েদি বাঢ়নী পানী সোমাই প্লাৱিত কৰিছে জাৰতালুক,গোৱালবিল,গড়ভিতৰ আদি কেবাখনো গাঁও ৷

বাক্সা জিলাৰ তামুলপুৰ মহকুমাত কৃত্ৰিম বান

আনহাতে ভগ্ন মথাউৰিয়েদি বাঢ়নী পানী সোমাই পৰাত জাৰতালুক গাঁওখনৰ লগতে তামুলপুৰ-ধমধমা গড়কাপ্তানী পথও বৰ্তমানে পানীৰ তলত ৷ যাৰ বাবে যোৱা দুদিন ধৰি বন্ধ আছে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা ৷ এতিয়া এই পথেৰে যাতায়ত কৰা চৰকাৰী কৰ্মচাৰী,ব্যৱসায়ী আদি সকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ যাতায়ত ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে । জৰুৰী কামত সেই পথেৰে যাতায়ত কৰা কিছু লোকে 50ৰ 100 টকাকৈ ভৰি কান্ধত ভাৰ কৰি দুচকীয়া বাহন পাৰ কৰিবলগীয়াও উপক্ৰম হৈছে ।

তামুলপুৰ-ধমধমা পথৰ হাঁহকাটা-বালাবাৰীত পাগলাদিয়া নদীৰ ওপৰত অৱস্থিত পকী দলংখনৰ পশ্চিম ফালৰ এটা অংশ 15 বছৰমান পূৰ্বেই নৈখনৰ বাঢ়নী পানীয়ে খহাই নিয়াত পথটো বিচ্ছিন্ন হৈ পৰে আৰু বাক্সা জিলাৰ ধমধমা,বৰমা,মুছলপুৰ আদি অঞ্চলৰ লগত তামুলপুৰ সমষ্টিৰ জনসাধাৰণৰ যোগাযোগ বন্ধ হৈ পৰে ।

কান্ধত ভাৰ কৰি দুচকীয়া বাহন পাৰ কৰা দৃশ্য

অৱশ্যে খৰালিকালত ভগ্ন পথটোৰ ওপৰত অঞ্চলটোৰ কেইগৰাকীমান যুৱকে নিজাববীয়াকৈ বাহৰ দলং সাজি কিছু পইচাৰ বিনিময়ত যোগাযোগ সুচল কৰি তোলে যদিও ই মুঠেও সন্তোষজনক নহয় আৰু বছৰ বছৰ ধৰি দুয়োটা সমষ্টিৰ জনসাধাৰণে জীয়াতু ভুগি আহিবলগীয়া হৈছে । কিন্তু আজিকোপতি বিটিচি কতৃৰ্পক্ষ আৰু অসম চৰকাৰে পথটো পুনৰ নিৰ্মাণ কৰিবলৈ আহৰি নাপালে ৷ ফলত এতিয়া বাৰিষা আহিলেই চাৰি-পাঁচবাৰকৈ বানৰ সন্মুখীন হ’বলগীয়া হয় জাৰতালুক,গড়ভিতৰ,গোৱালবিল আদি গাঁৱৰ ৰাইজে ।

উল্লেখ্য যে,যোৱাটো বানত পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে জাৰতালুক গাঁৱৰ পশ্চিম দিশত থকা মথাউৰিটোৰ প্ৰায় দুশ মিটাৰ খহাই নিয়াৰ ফলত বৰ্তমানে গাঁওখনলৈ নামি আহিছে ভাবুকি ৷ এতিয়া দুৰ্ভগীয়া গাঁওখনৰ ৰাইজৰ বিটিচি কতৃৰ্পক্ষ আৰু অসম চৰকাৰলৈ তৎকালীন ভাৱে সু-ব্যৱস্থা কৰাৰ কাতৰ আহ্বান ৷

লগতে চাওক-অসমৰ ভূমিত অব্যাহত নগাৰ অবাধ আগ্ৰাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.