বৰমা, 17 আগষ্টঃ বৃহস্পতিবাৰে নিশা বাক্সা জিলাৰ বৰমাৰ মাজ মজিয়াত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰমা আঞ্চলিক সমিতিৰ কাৰ্যালয়টো দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰে। শুকুৰবাৰে পুৱা কাৰ্যালয়টোৰ এনে ৰূপ দেখি অবাক বৈ পৰে সংগঠনটোৰ বিষয়ববীয়া। নিশা দুৰ্বৃত্তই টিনপাতৰ চালি আৰু তৰ্জাবেৰৰ কাৰ্যালয়টোৰ তৰ্জাৰ বেৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে। ভিতৰত থকা চকী,ফেনৰ লগতে অন্যান্য সামগ্ৰী লণ্ড ভণ্ড কৰাৰ লগতে কেইবাখনো চকী আৰু ফেনো ভাঙে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আনফালে যুৱ ছাত্ৰ পৰিষদে ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়। উল্লেখ্য যে ইয়াৰ পূৰ্বেও অচিনাক্ত লোকে সংগঠনটোৱে আমন্ত্ৰন জনোৱা থিয়েটাৰৰ পোষ্টাৰ দুবাৰকৈ ফালিছিল।