ETV Bharat / state

তামোল বিচাৰি যোৱাৰ চলেৰে ১১ বছৰীয়া কিশোৰীক...

author img

By

Published : Aug 9, 2021, 10:37 PM IST

বাক্সা জিলাৰ কাউৰপাৰা গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ তামোল বিচাৰি যোৱাৰ চলেৰে ঘৰত কোনো নথকাৰ সুযোগ ল'লে এজন যুৱকে ৷

Accused of raping teen in baksha
তামোল বিচাৰি যোৱাৰ চলেৰে ১১ বছৰীয়া কিশোৰীক...

বৰপেটাৰোড, 9 আগষ্ট : ৰাজ্যত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা । হাউলীৰ সমীপৰ তথা বাক্সা জিলাৰ কাউৰপাৰা গাঁৱত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণৰ ঘটনা ৷ তামোল বিচাৰি যোৱাৰ চলেৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ কাউৰপাৰা গাঁৱৰ ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এই অভিযোগ ৰফিকুল ইছলাম নামৰ এজন লোকৰ বিৰুদ্ধে । ঘটনাটো সংঘটিত হৈছে প্ৰায়ে দুমাহৰ পূৰ্বেই ৷ কিন্তু গাঁওখনৰ কামাল আলী নামৰ আন এগৰাকী লোকৰ তৎপৰতাত ঘটনা গাপ দিয়া ৰখা হৈছিল ৷ ইতিমধ্যে এই কথা সদৰি কৰিছে গাঁওখনৰ মহিলা সমিতিৰ বিষয়ববীয়া সকলে ৷

কাউৰপাৰা গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা

লগতে পঢ়ক: ৰঙিয়াত আৰক্ষীৰ জালত পৰিল মানৱ সৰবৰাহকাৰী

উল্লেখ্য যে, দুমাহ পূৰ্বে সংঘটিত হোৱা ঘটনাটো পোহৰলৈ আনে গাঁওখনৰ মহিলা সমিতিয়ে ৷ ঘটনাত পোহৰলৈ অহাৰ পাচতে তীব্ৰ চাঞ্চল্য সৃষ্টি হয় গাঁওখনৰ ৰাইজৰ মাজত ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালে মহিলা সমিতিৰ সহযোগত শিমলাগুৰি আৰক্ষী চকীত এজেহাৰ দাখিল কৰে ৷

শিমলাগুৰী আৰক্ষীয়ে ধৰ্ষণৰ ঘটনাৰ লগত অভিযুক্ত ৰফিকুল ইছলাম আৰু কামাল আলী নামৰ দুয়োগৰাকী লোককে আটক কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ অভিযুক্ত ৰফিকুল ইছলামৰ ঘৰ উত্তৰ কালঝাৰ আৰু কামাল আলীৰ ঘৰ কাউৰপাৰাত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.