ETV Bharat / state

Absu celebrates foundation day: বৰমাত এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

বৰমাত এবছুৱে সংগঠনটোৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে (Absu celebrates foundation day) । ৰাজ্য চৰকাৰৰ মন্ত্ৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ । বড়ো জাতিৰ সমস্যা সমাধান নহ'লে পুনৰ আন্দোলনত নমাৰ পণ নিখিল বড়ো ছাত্ৰ সন্থাৰ ।

ABSU
বৰমাত এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Feb 15, 2022, 6:57 PM IST

বাক্সা, ১৫ ফেব্ৰুৱাৰী : ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত জন্ম লাভ কৰা নিখিল বড়ো ছাত্ৰ সন্থাই ৫৫ বছৰত ভৰি দিলে ৷ বড়ো জাতিৰ সুৰক্ষাৰ বাবেই জন্ম হোৱা এবছুৱে বৰমাত পালন কৰে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস(Absu celebrates foundation day) । সংগঠনত উপস্থিত থাকি এবছুৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কয় যে বড়ো জাতিৰ আশা-ভৰসাৰ বাবেই জন্ম হৈছিল এবছুৰ ৷ তেওঁ লগতে কয় যে এবছুই সময়ে সময়ে বড়োসকলৰ মাজত চলি থকা বিভিন্ন সমস্যাসমূহ সমাধান কৰাত মুখ্য ভুমিকা পালন কৰি আহিছে ৷

Absu celebrates foundation day: বৰমাত এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

NDFB ৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ শান্তি চুক্তিত এবছুই মুখ্য ভুমিকা পালন কৰিছিল বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে পৃথক বড়োলেণ্ড দাবীৰ ফলতে বিএচি, বিটিচি আৰু বৰ্তমান বিটিআৰ চুক্তি কৰিবলৈ বাধ্য হৈছে ভাৰত চৰকাৰ ৷ বিটিচি চুক্তিৰ দফাসমূহ পুৰণ নহ'লে এবছুয়ে পুনৰ আন্দোলনত নামিব বুলিও হুংকাৰ দিয়ে এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰোমদৌন বসুমতাৰীয়ে ৷

তেওঁ লগতে কয় যে বড়ো জাতিক যদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগে, তেনেহ'লে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ৷ বৰমা আঞ্চলিক এবছুৰ কাৰ্যালয়ৰ প্ৰাংগণত বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে এবছুৰ প্ৰাক্তন সভাপতি দীপক কুমাৰ বসুমতাৰী, প্ৰাক্তন অধ্যক্ষ বি চৌমখৌৰ বসুমতাৰী, বাক্সা জিলা এবছুৰ প্ৰাক্তন সভাপতি নৃপেন চন্দ্ৰ বড়োৰ লগতে বাক্সা জিলা এবছুৰ কৰ্মকৰ্তাসকল ৷ পুৱা এবছুৰ পতাকা উত্তোলন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে আৰু স্মৃতি তৰ্পণ কৰে উপ সভাপতি হাংগামা বড়োৱে ৷

লগতে পঢ়ক :Rajsuya Jagya in Assam:ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাজসূয় যজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.