ETV Bharat / sports

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদকতে ক্ষান্ত থাকিল মেৰীকম - Boxing

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ৫১ কিল’গ্ৰাম শাখাত ফাইনেলত পৰাস্ত মণিপুৰৰ বক্সাৰ এম চি মেৰীকম ৷ মেৰীকমে ২-৩ ৰ ব্যৱধানত কাজাখস্তানৰ নাজিম কিজাইবেৰ ওচৰত শিৰনত কৰিবলৈ বাধ্য হয় ৷

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদকতে ক্ষান্ত মেৰীকম

author img

By

Published : May 31, 2021, 9:29 AM IST

স্পৰ্টছ ডেস্ক,31 মে’: দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ৫১ কিল’গ্ৰাম শাখাৰ ফাইনেলত ৰূপৰ পদকতে ক্ষান্ত থাকিব লগীয়া হয় ছবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা মণিপুৰৰ বক্সাৰ এম চি মেৰীকম ৷

ডিফেণ্ডিং চেম্পিয়ন পূজা ৰাণী (৭৫ কিল’গ্ৰাম) এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ অৰ্জন কৰা একমাত্ৰ ভাৰতীয় মহিলা বক্সাৰ আছিল ৷ পূৰ্বে বাই আৰু ৱাকঅভাৰ লাভ কৰাৰ পিছত প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত দুৰন্ত ফৰ্মত থকা পূজাই ৭৫ কিল’গ্ৰাম শাখাত উজবেকিস্তানৰ মাভলুদা মোভলোনোভাক হৰুৱাবলৈ সক্ষম হয় ৷ পূজাই এক বাউট শ্ব'ৰ বাবে 10,000 আমেৰিকান ডলাৰ উপাৰ্জন কৰে ৷

অৱশ্যে, ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকম আৰু টুৰ্ণামেণ্টখনৰ নৱাগত খেলুৱৈ লালবুয়াতচাইহি (৬৪ কিল’গ্ৰাম) আৰু অনুপমা (৮১+কিল’গ্ৰাম) শাখাত দ্বিতীয় স্থানতে ক্ষান্ত হৈ ৰয় ৷ মেৰীকমে ২-৩ ৰ ব্যৱধানত কাজাখস্তানৰ নাজিম কিজাইবেৰ ওচৰত শিৰনত কৰিবলৈ বাধ্য হয় ৷

লগতে চাওকঃ মিছন ড্ৰাগছ : নগাঁৱত দুসপ্তাহত 37 টা ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.