ETV Bharat / sports

পূৰ্বৰ সূচীমতেই আৰম্ভ হ’ব টকিঅ’ অলিম্পিক 2020

জুলাই মাহৰ 24 তাৰিখৰ পৰা আগষ্ট মাহৰ 9 তাৰিখলৈ জাপানৰ টকিঅ’ চহৰত অনুষ্ঠিত হ’ব অলিম্পিক প্ৰতিযোগিতা ৷ কৰ’ণা ভাইৰাছৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈ জাপান আৰু চীন চৰকাৰৰ সৈতে ঐক্যবদ্ধভাৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে ৷

author img

By

Published : Feb 28, 2020, 9:47 PM IST

Olympics will start on July 24, confirms IOC chief
পূৰ্ণোদ্যমে চলি আছে টকিঅ’ অলিম্পিকৰ প্ৰস্তুতি

নিউজ ডেস্ক , 28 ফেব্ৰুৱাৰীঃ পৃথিৱীজুৰি কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে অনিশ্চয়তাত থকা ট’কিঅ অলিম্পিকৰ সন্দৰ্ভত ইণ্টাৰশ্যনেল অলিম্পিক কমিটিৰ অধ্যক্ষ থমাছ বাছে কয় যে,বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাটো সুনিশ্চিত কৰিবলৈ অলিম্পিকৰ আয়োজক সমিতিয়ে পূৰ্মোদ্যমে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

জাপানৰ সংবাদ মাধ্যমক সম্বোধন কৰি অধ্যক্ষ গৰাকীয়ে কয় যে, এই ক্ষেত্ৰত তেখেতে অন্য কোনো পৰিকল্পনা কৰিব বিচৰা নাই আৰু খেলুৱৈ সকলক আশ্বস্ত কৰিব বিচাৰে যে, এই ক্ষেত্ৰত তেওঁলেকে চিন্তিত হোৱাৰ বিশেষ কাৰণ নাই ৷ নিজৰ অনুশীলন পূৰ্ণোদ্যমে চলাই যাবলৈ খেলুৱৈ সকলক অনুৰোধ জনায় অধ্যক্ষ গৰাকীয়ে ৷

থমাছ বেছয়ে লগতে উল্লেখ কৰে যে,কেৱল টকিঅ’ অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিবলৈ নহয়,অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ মানদণ্ড উন্নত কৰিবলৈও অলিম্পিক কমিটিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ এগৰাকী সদস্য ডিক পাউণ্ডে সম্প্ৰতি মন্তব্য কৰিছিল যে,যদি প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব লগা সময়ত কৰ’ণা ভাইৰাছৰ প্ৰাৰ্দুভাৱ কমি নাযায়,অলিম্পিকৰ আয়োজক কমিটিয়ে প্ৰতিযোগিতাখন স্থগিত বা স্থানাস্তৰিত কৰাৰ সলনি সম্পূৰ্ণৰূপে বাতিল কৰাৰ সম্ভাৱনা আছে ৷

ডিক পাউণ্ডে হয়তো আন কিবা কথা প্ৰসংগত এই কথা উল্লেখ কৰিছিল বুলি মন্তব্য কৰি থমাছ বাছে কয় যে,প্ৰতিযোগিতাখনৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত তথা খেলুৱৈ সকলৰ সুৰক্ষাৰ বিষটো নিশ্চিত কৰাৰ স্বাৰ্থত ইণ্টাৰনেছনেল অলিম্পিক কমিটিয়ে জাপান চৰকাৰ, বিশ্ব স্বাস্থ্য সংস্থা,চীন অলিম্পিক কমিটি তথা চীন চৰকাৰৰ লগতো আলোচনাৰ জৰিয়তে আগবঢ়াৰ ব্যৱস্থা কৰিছে ৷

প্ৰতিযোগিতাখন সূচলৰূপে অনুষ্ঠিত হোৱাৰ স্বাৰ্থত জাপান চৰকাৰে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে অধ্যক্ষ থমাছ বাছে ৷ উল্লেখযোগ্য যে, 2020 চনৰ জুলাই মাহৰ 24 তাৰিখৰ পৰা আগষ্ট মাহৰ 9 তাৰিখলৈ জাপানৰ ট’কিঅ চহৰত অনুষ্ঠিত হ’ব অলিম্পিক প্ৰতিযোগিতা ৷

লগতে পঢ়কঃগোলাঘাটত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ উদ্ধোধন ৰঞ্জিত দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.