ETV Bharat / sports

ভাৰতীয় জিমনাষ্টিকৰ আন এক সোণালী নাম প্ৰিয়ংকা - খেল’ ইণ্ডিয়া 2020

ত্ৰিপুৰী জিমনাষ্ট কন্যা প্ৰিয়ংকা দাস গুপ্তাৰ সফলতাই কঢ়িয়াইছে ভাৰতবৰ্ষৰ জিমনাষ্টিকলৈ এক আশাৰ ৰেঙণি ৷ চলিত খেল’ ইণ্ডিয়াত 4টাকৈ সোণৰ লাভ কৰি প্ৰিয়ংকাই জিনিছে সকলোৰে হৃদয় ৷

New gymnast priyanka das Gupta achievement
ভাৰতীয় জিমানাষ্টিকৰ আন এক সোণালী নাম প্ৰিয়ংকা
author img

By

Published : Jan 12, 2020, 10:20 AM IST

Updated : Jan 12, 2020, 2:41 PM IST

গুৱাহাটী, 12 জানুৱাৰীঃ অলিম্পিক ইতিহাসত প্ৰথমগৰাকী ভাৰতীয় জিমনাষ্ট হিচাপে অংশগ্ৰহণ কৰি ৰিঅ’ অলিম্পিকত চতুৰ্থ স্থান লাভ কৰা ত্ৰিপুৰাৰ দীপা কৰ্মকাৰৰ কথা দেশবাসীৰ মনত আজিও সজীৱ হৈ আছে ৷ ইয়াৰোপৰি 2014 চনত গ্লাছগ’ কমনৱেল্থ গেমছত দীপাই ব্ৰঞ্জৰ পদক লাভ কৰি সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল ৷ পিচে এইবাৰ পুনৰ চৰ্চালৈ আহিছে আন এগৰাকী ত্ৰিপুৰী জিমনাষ্ট কন্যা প্ৰিয়ংকা দাস গুপ্তা ৷ গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়া 2020-ত জিমনাষ্টিকত প্ৰিয়ংকাই চাৰিটা সোণৰ পদক লাভ কৰি দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ ৷ ত্ৰিপুৰাৰ এগৰাকী গাড়ীচালকৰ কন্যা প্ৰিয়ংকা দাস গুপ্তাই চুইছে সফলতাৰ আকাশ ৷ প্ৰিয়ংকাই নিজৰ মাতৃৰ অনুপ্ৰেৰণা তথা দীপা কৰ্মকাৰক দেখিয়ে জিমনাষ্টিকৰ প্ৰতি আকৰ্ষিত হোৱা বুলি উল্লেখ কৰে ৷ এই ৰাষ্ট্ৰীয় সফলতাৰ পিচত এতিয়া প্ৰিয়ংকাৰ লক্ষ্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি দেশৰ বাবে সাফল্য কঢ়িয়াই অনাটো ৷

ভাৰতীয় জিমানাষ্টিকৰ আন এক সোণালী নাম প্ৰিয়ংকা

আনহাতে ত্ৰিপুৰাৰ সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী প্ৰতিভাৱান জিমনাষ্ট প্ৰিয়ংকাৰ প্ৰথমগৰাকী প্ৰশিক্ষক এই সফলতাত যথেষ্ট সুখী তথা আশাবাদী ৷ উপযুক্ত সা-সুবিধা তথা প্ৰশিক্ষণ লাভ কৰিলে প্ৰিয়ংকাই অনাগত দিনত বিশেষ চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে প্ৰশিক্ষকগৰাকীয়ে ৷ উল্লেখ্য যে বৰ্তমান দীপা কৰ্মকাৰৰ প্ৰশিক্ষকে প্ৰিয়ংকাক প্ৰশিক্ষণ প্ৰদান কৰি আছে যদিও এগৰাকী খেলুৱৈৰ বাবে প্ৰয়োজনীয় খাদ্যৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে প্ৰিয়ংকাৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে ৷

আৰু পঢ়কঃখেল’ ইণ্ডিয়া 2020: দ্বিতীয় দিনৰ অন্তত পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

Intro:ত্ৰিপুৰাৰ এগৰাকী গাড়ী চালকৰ কন্যা দ্বিতীয় দীপা কৰ্মকাৰ হোৱাৰ পথত। খেলো ইণ্ডিয়াৰ তৃতীয় সংস্কৰণত জিমনাস্তিকছত চাৰিটাকৈ সোণৰ পদক লাভ কৰি দ্বিতীয় দীপা কৰ্মকাৰ হোৱাৰ পথত প্ৰিয়ংকা দাস গুপ্তা।

Body:কমনৱেলথ গেমছত জিমনাস্তিকছত পদক লাভ কৰি বেজিঙ অলিম্পিকত অংশগ্ৰহণ কৰি সমগ্ৰ ভাৰতবর্ষৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা ত্ৰিপুৰাৰ দীপা কৰ্মকাৰৰ কথা সকলোৰে মনত আছে। এইবাৰ পুনৰ চৰ্চালৈ আহিছে ত্ৰিপুৰা দ্বিতীয় কৰ্মকাৰকলৈ। ত্ৰিপুৰাৰ এগৰাকী গাড়ী চালকৰ কন্যা প্ৰিয়ংকা দাস গুপ্তাক ত্ৰিপুৰাৰ দ্বিতীয় গৰাকী দীপা কৰ্মকাৰ হিচাবে আখ্যা দিছে সকলোৱে। খেলো ইণ্ডিয়াৰ তৃতীয় সংস্কৰণত জিমনাস্তিকছত চাৰিটাকৈ সোণৰ পদক লাভ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ গাড়ী চালকৰ কন্যা প্ৰিয়ংকা দাস গুপ্তা। মাতৃৰ অনুপ্ৰেৰণা আৰু দীপা কৰ্মকাৰৰ খেল প্ৰত্যক্ষ কৰি জিমনাস্তিকছৰ প্ৰতি আকৰ্ষিত হোৱা প্ৰিয়ংকা দাস গুপ্তাৰ দৃষ্টি এতিয়া আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত।

বাইট ১ : প্ৰিয়ংকা দাস গুপ্তা, জিমনাস্তিকছ খেলুৱৈ

দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী প্ৰতিভাবান খেলুৱৈক লৈ আশাবাদী প্ৰিয়ংকৰ প্ৰথম গৰাকী প্ৰশিক্ষক। উপযুক্ত সুবিধা আৰু প্ৰশিক্ষণ লাভ কৰিলে এইগৰাকী খেলুৱৈ অধিক উন্নত খেল প্ৰদৰ্শন কৰি নিজকে দ্বিতীটো দীপা কৰ্মকাৰ হিচাপে গঢ়িবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে প্ৰিয়ংকৰ প্ৰথম গৰাকী প্ৰশিক্ষক। বৰ্তমান দীপা কৰ্মকাৰৰ প্ৰশিক্ষকে প্ৰিয়ংকাক প্ৰশিক্ষণ প্ৰদান কৰিছে যদিও এগৰাকী খেলুৱৈৰ বাবে প্ৰয়োজনীয় খাদ্যৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে প্ৰিয়ংকৰ দৰিদ্ৰ পিতৃ-মাতৃ।

বাইট ২ : সোমা নান্দী, প্ৰিয়ংকৰ প্ৰথম গৰাকী প্ৰশিক্ষক

Conclusion:জিমনাস্তিকছৰ খেলৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত অতি উন্নত ব্যৱস্থা থকা ত্ৰিপুৰা দেশৰ বাবে জিমনাস্তিকছ খেলত এটাৰ পিছতো আনটো প্ৰতিভাবান খেলুৱৈ প্ৰদান কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ত্ৰিপুৰা গঢ়ি উঠিছে দেশৰ জিমনাস্তিকছ হা'ব হিচাপে।
Last Updated : Jan 12, 2020, 2:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.