স্পৰ্টছ ডেস্ক, 30 ডিচেম্বৰঃ ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমক এগৰাকী কিংবদন্তি খেলুৱৈ আখ্যা দেশৰ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ ৷ সোমবাৰে এক টুইট যোগে এই মন্তব্য কৰে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে মেৰী কমক প্ৰত্যাহ্বান জনোৱা ভাৰতীয় মহিলা বক্সাৰ নিখত জৰীণক এগৰাকী অদ্ভূত খেলুৱৈ আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ দুয়ো খেলুৱৈক লৈ ভাৰত গৌৰাম্বিত বুলিও কয় ৰিজিজুৱে ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয়, মেৰী কম এগৰাকী কিংবদন্তি খেলুৱৈ ৷ বিশ্ব বক্সিঙত কোনো অন্য বক্সাৰে খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা নাই যি মেৰী কমে লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে নিখত জৰীণো এগৰাকী প্ৰতিভাৱান, অদ্ভূত বক্সাৰ ৷ যি মেৰী কমৰ আদৰ্শৰে আগবাঢ়ি গৈছে ৷ দুয়োগৰাকী খেলুৱৈকলৈ গৌৰৱবোধ কৰে ভাৰতে ৷
উল্লেখ্য যে, প্ৰাক্তন কনিষ্ঠ বিশ্ব চেম্পিয়ন জৰীণে ছয় বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমৰ বিৰুদ্ধে এখন ট্ৰায়েলৰ দাবী কৰিছিল ৷ অলিম্পিকত কোৱালিফায়িঙক লৈ ভাৰতীয় বক্সিং ফেডাৰেছনৰ নিৰ্বাচনী নীতিৰ ওপৰত খৰ্গহস্ত হৈ ট্ৰায়েলৰ দাবী কৰি 17 অক্টোবৰত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুক পত্ৰ লিখি আবেদন জনাইছিল নিখত জৰীণে ৷ ইয়াৰ পৰিপেক্ষিততেই শনিবাৰে অনুষ্ঠিত কৰা হৈছিল অলিম্পিক কোৱালিফায়াৰ্ছ ট্ৰায়েলৰ ফাইনেল মেচখন ৷ এই মেচৰ পাচতেই ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইট কৰি এই কথা উল্লেখ কৰে ৷
-
Too much of issues are created on this! Mary Kom is a legend who has achieved what no other boxer has ever achieved in the World Amateur Boxing. Nikhat Zareen is an amazing boxer who has the potential to follow the footsteps of Mary Kom. India is proud of both of them. Period... https://t.co/f5enVqwIaj
— Kiren Rijiju (@KirenRijiju) December 30, 2019 " class="align-text-top noRightClick twitterSection" data="
">Too much of issues are created on this! Mary Kom is a legend who has achieved what no other boxer has ever achieved in the World Amateur Boxing. Nikhat Zareen is an amazing boxer who has the potential to follow the footsteps of Mary Kom. India is proud of both of them. Period... https://t.co/f5enVqwIaj
— Kiren Rijiju (@KirenRijiju) December 30, 2019Too much of issues are created on this! Mary Kom is a legend who has achieved what no other boxer has ever achieved in the World Amateur Boxing. Nikhat Zareen is an amazing boxer who has the potential to follow the footsteps of Mary Kom. India is proud of both of them. Period... https://t.co/f5enVqwIaj
— Kiren Rijiju (@KirenRijiju) December 30, 2019
এই মেচখনত মেৰী কমে নিখতক 9-1 ব্যৱধানত পৰাস্ত কৰাৰ পাচত মেচৰ অন্তত কৰমৰ্দন কৰাৰ পৰা বিৰত থাকে ৷ মেৰী কমে এই সন্দৰ্ভত মন্তব্য কৰিছিল যে, ‘‘যদিহে তেওঁ আনৰ পৰা সন্মান লাভৰ আশা কৰে তেন্তে প্ৰথমে নিজে সন্মান কৰিবলৈ শিকক ৷ মই এনধৰণৰ মানসিকতা পুহি ৰখা স্বভাৱৰ ব্যক্তি ভাল নাপাওঁ ৷’’
কিন্তু এই ঘটনাৰ পাচতেই নিখতে মন্তব্য কৰিছিল ‘‘মোৰ মেৰী কমৰ সৈতে কোনো ব্যক্তিগত শত্ৰুতা নাই ৷ তেওঁ কেৱল অলিম্পিক কোৱালিফায়িঙৰ নিৰ্বাচন প্ৰণালীৰ বিৰুদ্ধে হে প্ৰশ্ন উত্থাপন কৰিছিল ৷ ’’
- লগতে চাওক- 2019 ক্ৰিকেট বৰ্ষৰ পাঁচটা ডাঙৰ বিবাদ