ETV Bharat / sports

গোৱাৰ কিকবক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ অৰুণাচলৰ ৪৮ গৰাকী খেলুৱৈৰ - মাপুচাত অনুষ্ঠিত হ'ব ৱাকো ইণ্ডিয়া ছিনিয়ৰ্ছ এণ্ড মাষ্টাৰ্ছ নেচনেল কিকবক্সিং চেম্পিয়নশ্বিপ

গোৱাৰ মাপুচাত অনুষ্ঠিত হ'বলগীয়া ৱাকো ইণ্ডিয়া ছিনিয়ৰ্ছ এণ্ড মাষ্টাৰ্ছ নেচনেল কিকবক্সিং চেম্পিয়নশ্বিপত অৰুণাচলৰ ৪৮ গৰাকী খেলুৱৈ । দলটোত অৰুণাচল প্ৰদেশ আৰক্ষী ক্ৰীড়া নিয়ন্ত্ৰণ ব'ৰ্ডৰ চাৰিগৰাকী খেলুৱৈও আছে ।

kickboxer from arunachal pradesh
গোৱাৰ কিকবক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ অৰুণাচলৰ ৪৮ গৰাকী খেলুৱৈৰ
author img

By

Published : Aug 27, 2021, 10:43 AM IST

তেজপুৰ, ২৭ আগষ্ট : শুকুৰবাৰে গোৱাৰ মাপুচাত অনুষ্ঠিত হ'ব ৱাকো ইণ্ডিয়া ছিনিয়ৰ্ছ এণ্ড মাষ্টাৰ্ছ নেচনেল কিকবক্সিং চেম্পিয়নশ্বিপ (Wako India Seniors & Masters National Kickboxing Championship)। এই প্ৰতিযোগিতাত উত্তৰ পূৱৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশৰ ৪৮ গৰাকীকৈ কিকবক্সাৰে অংশগ্ৰহণ কৰিব । এই ৪৮ জনীয়া দলটোত অৰুণাচল প্ৰদেশ আৰক্ষী ক্ৰীড়া নিয়ন্ত্ৰণ ব'ৰ্ডৰো (APPSCB) চাৰিগৰাকী খেলুৱৈও আছে ।

ইতিমধ্যে দলটো গোৱাত গৈ উপস্থিত হৈছে । পূৰ্বৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰশিক্ষণ শিবিৰৰ সময়ত ১০ গৰাকী মহিলা খেলুৱৈ আৰু ৩৮ গৰাকী পুৰুষ খেলুৱৈক বাছনি কৰা হৈছিল এই প্ৰতিযোগিতাৰ বাবে । গোৱালৈ যোৱা অৰুণাচল প্ৰদেশৰ দলটোক নেতৃত্ব দিছে কিকবক্সিং এছ'চিয়েশ্যন অৱ অৰুণাচলৰ (KAA) সাধাৰণ সম্পাদক চাৰু গোবিনে ।

অৰুণাচলৰ খেলুৱৈৰ দলটোৱে ৭ টাকৈ শাখাত অংশগ্ৰহণ কৰিব । এই চেম্পিয়নশ্বিপ অতি গুৰুত্বপূৰ্ণ হ'ব কিয়নো ই হৈছে ষষ্ঠ এছিয়ান ইণ্ডোৰ আৰু মাৰ্শাল আৰ্ট গেমছ ,২০২১ (Asian Indoor and Martial Arts Games) ৰ বাবে প্ৰথম পৰ্যায়ৰ পৰীক্ষণ বাছনি । বুলাং মাৰিক আৰু গোপাল মৰাণ ক্ৰমে এপিপিএছচিবি (APPSCB) আৰু অৰুণাচল দলটোৰ প্ৰশিক্ষক । আনহাতে অৰুণাচলৰ দলটোৰ মেনেজাৰ হৈছে প্ৰকাশ লিম্বু ।

লগতে পঢ়ক :Tokyo Paralympics: কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় পেডলাৰ ভবিনা পেটেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.