ETV Bharat / sports

Asian Games 2023 : ৰূপৰ পদকতে থমকিল লাভলীনাৰ এছিয়াড যাত্ৰা

author img

By ANI

Published : Oct 4, 2023, 3:24 PM IST

Updated : Oct 4, 2023, 3:59 PM IST

এছিয়ান গেমছত স্বৰ্ণ জয়ৰ আশা পূৰণ নহ'ল লাভলীনা বৰগোহাঁইৰ । মহিলা বক্সিঙৰ ৭৫ কেজি শাখাৰ ফাইনেলত চীনা প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হয় লাভলীনা ।

Asian Games 2023
Asian Games 2023

স্পৰ্টছ ডেস্ক, ৪ অক্টোবৰ : ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীৰ প্ৰত্যাশা আছিল বক্সিঙত দেশৰ হৈ সোণৰ পদক আঁজুৰি আনিব লাভলীনা বৰগোহাঁয়ে । কিন্তু সেই সপোনৰ বাস্তৱ ৰূপায়ণ নহ'ল । বুধবাৰে এছিয়ান গেমছত চীনা বক্সাৰ লি কিয়ানৰ বিৰুদ্ধে মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেল বাউটত পৰাস্ত হয় লাভলীনা বৰগোহাঁই । ফলত অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী লাভলীনা ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হয় । প্ৰথম ৰাউণ্ডত লাভলীনা আৰু লি কিয়ানৰ মাজত কঠিন যুঁজ হয় যদিও ৩-২ ৰ সিদ্ধান্ত লিৰ পক্ষলৈ যায় ।

দ্বিতীয় ৰাউণ্ডতো লিয়ে লাভলীনাক পৰাস্ত কৰে । তেওঁ ভাৰতীয় বক্সাৰগৰাকীৰ কঁকালত আঘাত কৰি কেইটামান পইণ্ট সংগ্ৰহ কৰে । ফলত লাভলীনা ০-৫ ব্যৱধানত পৰাস্ত হয় । একেদৰে তৃতীয় ৰাউণ্ডৰ ফলাফলো লিৰ পক্ষলৈ যোৱাৰ লগে লগে লাভলীনাৰ স্বৰ্ণ জয়ৰ স্বপ্ন নিৰ্বাপিত হয় আৰু ৰূপৰ পদকতে সন্তুষ্টি লাভ কৰিবলগা হয় । উল্লেখ্য যে লি কিয়ান হৈছে দুবাৰকৈ অলিম্পিক পদক বিজয়ী । তেওঁ ২০১৬ ৰিঅ' অলিম্পিকত মহিলাৰ মিডলৱেইট শ্ৰেণীত ব্ৰঞ্জ আৰু ২০২০ টকিঅ' অলিম্পিকত একেটা ইভেণ্টত ৰূপৰ পদক জয় কৰিছিল । আনহাতে, টকিঅ'ত লাভলীনাই ৱেলটাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰথমগৰাকী অসমীয়া হিচাপে ইতিহাস ৰচনা কৰিছিল ।

"ৰূপৰ পদকেৰে জিলিকিছে লাভলীনা । লাভলীনা বৰগোহাঁয়ে মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰিছে । ৰিঙত তেওঁৰ অবিশ্বাস্য দক্ষতা পূৰ্বতকৈ অধিক উজ্জ্বল হৈ উঠিছে । আহক তেওঁক হাতচাপৰিৰে উষ্ম অভিনন্দন জনাওঁ ! অভিনন্দন চেম্পিয়ন ।" ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছএআই) মিডিয়াৰ এক্স (পূৰ্বতে টুইটাৰ) হেণ্ডেলত এনেদৰে লিখিছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মঙলবাৰে ছেমি ফাইনেলত থাইলেণ্ডৰ বাইচন মানেকনক ৫-০ ব্যৱধানত পৰাস্ত কৰি লাভলীনাই ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰে । লাভলীনাই তেওঁৰ প্ৰতিদ্বন্দ্বী বাইচনক পৰাস্ত কৰা খেলখনত তেওঁৰ গভীৰ মনোনিবেশ আৰু দৃঢ়তা দেখা গৈছিল । তেওঁৰ এক তীব্ৰ প্ৰতিৰক্ষাই বাইচনৰ আক্ৰমণাত্মক খেল বিফল কৰিছিল । অৱশ্যে নিখাত জাৰিন, প্ৰীতি আৰু পাৰবীন হুডাৰ পিছত লাভলীনাই ইতিমধ্যে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

লগতে পঢ়ক :Asian Games Archery: মিক্সড টিম কম্পাউণ্ড আৰ্চাৰীত সোণৰ পদক লাভ ভাৰতীয় যুটি জ্যোতি-প্ৰবীণৰ

Last Updated : Oct 4, 2023, 3:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.