ETV Bharat / sports

Asian Games 2023: পুৰুষৰ হকীত জাপানক হৰুৱাই স্বৰ্ণ জয় ভাৰতৰ - India wins gold in Hockey

জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় পুৰুষ হকী দলৰ ৷ 5-1 গলত পৰাস্ত জাপান ৷ এতিয়ালৈকে ভাৰতৰ মুঠ 22 টা সোণসহ 95 টা পদক জয় ৷

Asian Games 2023
Asian Games mens Hockey
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 8:40 PM IST

স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ: হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় পুৰুষ হকী দলৰ এছিয়ান গেমছত চমকপ্ৰদ সাফল্য ৷ ফাইনেলত প্ৰতিদ্বন্দী জাপানক হৰুৱাই সোণৰ পদক অৰ্জন ভাৰতীয় পুৰুষ হকী দলৰ ৷ 5-1 গলৰ ব্যৱধানক ভাৰতে পৰাস্ত কৰে জাপানক ৷ এইটো সোণৰ পদকৰ সৈতে ভাৰতে বৰ্তমানলৈকে এছিয়ান গেমছত অৰ্জন কৰিলে মুঠ 95 টা পদক ৷ ইয়াৰ ভিতৰত আছে 22 টা সোণৰ পদক ৷ এয়া হৈছে এছিয়ান গেমছত ভাৰতৰ এক অনন্য অভিলেখ ৷

মনপ্ৰীত সিঙে সুন্দৰ আৰম্ভণিৰে এটা ৰিভাৰ্ছ হিটৰ জৰিয়তে প্ৰথমটো গল কৰে ৷ খেলৰ আম্পায়াৰে গলটোৰ শুদ্ধতা পৰীক্ষণ কৰে আৰু অৱশেষত এইটো গল বুলি নিশ্চিত কৰে ৷ ভাৰতৰ হৈ দ্বিতীয়টো গল কৰে হৰমনপ্ৰীত কৌৰে ৷ এটা পেনাল্টি কৰ্ণাৰক সুন্দৰভাৱে গললৈ ৰূপান্তৰ কৰে অধিনায়ক হৰমনপ্ৰীতে ৷

তাৰ পিচত অমিত ৰোহিদাসে আন এটা পেনাল্টি ক’ৰ্ণাৰ সুন্দৰভাৱে মাৰি পঠিয়াই গললৈ ৷ ফলত 3-0 গলত আগবাঢ়ি থাকে ভাৰত ৷ অভিষেকে 9 মিনিট বাকী থকা অৱস্থাত চতুৰ্থটোল গল কৰে ভাৰতৰ হৈ ৷ ইফালে জাপানৰ টানাকা ছেৰেনে দলটোৰ হৈ একমাত্ৰ গলটো কৰে ৷ পঞ্চমটো গলেৰে ভাৰতক এক চমকপ্ৰদ বিজয় উপহাৰ দিয়ে অধিনায়ক হৰমনপ্ৰীত কৌৰে ৷

এই বিজয়েৰে ভাৰতে কেৱল এছিয়ান গেমছত স্বৰ্ণ জয় কৰাই নহয় আগন্তুক পেৰিছ অলিম্পিকৰ বাবেও যোগ্যতা অৰ্জন কৰে ৷ লগতে এছিয়ান গেমছৰ ইতিহাসত বৰ্তমানলৈকে দ্বিতীয় সৰ্বাধিক সোণৰ পদক (চাৰিটা) লাভ কৰা কোৰিয়াৰ কৃতিত্বৰ সমতা স্থাপন কৰে । ইয়াৰ পূৰ্বে ভাৰতে 1966, 1998, 2014 চনতো স্বৰ্ণ জয় কৰিছিল এছিয়ান গেমছৰ হকীত ৷

ভাৰতে বৰ্তমানলৈকে এছিয়ান গেমছ 2023 ত 22 টা সোণ, 34 টা ৰূপ আৰু 39 টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷

লগতে পঢ়ক: Asian Games 2023 : এছিয়ান গেমছত অপ্ৰতিৰোধ্য ভাৰতীয় ক্ৰিকেট দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.