নিউজ ডেস্ক, ১২ মে': ২০ মে'ৰ পৰা কোৰিয়া ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় মহিলা হকী দলৰ ১৮ জনীয়া দল ঘোষণা কৰা হৈছে । এই দলৰ নেতৃত্ব প্ৰদান কৰিব ফৰৱাৰ্ড ৰাণী ৰামপালে আৰু সহ অধিনায়ক হিচাপে নিৰ্বাচন কৰা হৈছে গ'লকীপাৰ সবিতাক ।
এই বছৰৰ আৰম্ভণিতে স্পেইন ভ্ৰমণলৈ যোৱা ভাৰতীয় দলে এপ্ৰিল মাহত মালয়েছিয়া ভ্ৰমণত সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল । এই ভ্ৰমণত দলটোৱে ৫ খন খেলৰ চাৰিখনতে জয়ী হোৱাৰ লগতে এখনত ড্ৰ খেলিবলৈ সক্ষম হৈছিল ।
১৮ জনীয়া দলটোত আছে ৰাণী ৰামপাল (অধিনায়ক), সবিতা (গ'লকীপাৰ), ছালিমা টেটে, সুনিতা লাকৰা, দীপ গ্ৰেছ আক্কা, কৰিশ্মা যাদৱ, গুৰজীত কৌৰ, সুশীলা ছানু পুখৰাম্বাম, মনিকা, নৱজ্যোত কৌৰ, নিকী প্ৰধান, নেহা গোয়েল, লিলিমা মিনজ, বন্দনা কাটাৰিয়া, লালৰেমছিয়ামি, জ্যোতি, নৱনীত কৌৰ আৰু ৰজনী ইতিমাৰপো ।