স্পৰ্টছ ডেস্ক, 20 জুনঃ ফিফা বিশ্বকাপত সৰ্বাধিক গ’ল কৰা খেলুৱৈ হিচাপে নিজৰ নাম অংকিত কৰিলে ব্ৰাজিলিয়ান মহিলা ফুটবলাৰ মাৰ্টাই ৷ মহিলা ফুটবল বিশ্বকাপত ইটালীৰ বিৰুদ্ধে জয় লাভ ব্ৰাজিলৰ ৷ মাৰ্টাৰ গ’লৰ বিনিময়ত 1-0 গ’লত বিজয় সাব্যস্ত কৰে ব্ৰাজিলে ৷ এই জয়ৰে বিশ্বকাপত একেৰাহে ছয়বাৰৰ বাবে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ব্ৰাজিল দলটোৱে ৷ ইতিমধ্যে ইটালীয়ো প্ৰি-কোৱাৰ্টাৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷
ছয়বাৰৰ বাবে ‘বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈ’ৰ খিতাপ জয় কৰা মাৰ্টাৰ ফিফা বিশ্বকাপত এইটো আছিল 17 সংখ্যক গ’ল ৷ ইয়াৰ লগে লগে পুৰুষ-মহিলা উভয়ে ফিফা বিশ্বকাপত আটাইতকৈ বেছি গ’ল কৰা খেলুৱৈ হ’ল মাৰ্টা ৷ মাৰ্টাই এই কৃতিত্বৰে জাৰ্মানীৰ পুৰুষ খেলুৱৈ মিৰ’শ্লাভ ক্লছৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৷