স্পৰ্টছ ডেস্ক, 1 আগষ্টঃ 2023 মহিলা ফিফা বিশ্বকাপত সাল-সলনি ৷ মহিলা ফুটবলক অধিক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে পূৰ্বৰ 24 টা মহিলা ফুটবল দলৰ পৰিৱৰ্তে 2023 বিশ্বকাপত অংশগ্ৰহণ কৰিব 32 টা দলে ৷ বুধবাৰে এই কথা প্ৰকাশ কৰিলে ফিফা পৰিষদে ৷ ইয়াৰ পূৰ্বে বিশ্বকাপত 24 টা দলে অংশগ্ৰহণ কৰি আহিছিল ৷
এই সন্দৰ্ভত ফিফাৰ অধ্যক্ষ গিয়ানী ইন্ফেন্টিনো উল্লেখ কৰে যে, ফ্ৰান্সত সফল ভাৱে 2019 মহিলা ফিফা বিশ্বকাপৰ আয়োজন কৰাৰ পাচতেই এয়াই সঠিক সময় মহিলা ফুটবলক অধিক অগ্ৰাধিকাৰ দিয়াৰ ৷