নিউজ ডেস্ক, 8 আগষ্ট : ফিফাৰ সভাপতি গিয়ান্নী ইনফান্টিনোৱে কয় যে, তেখেতৰ বিৰুদ্ধে চুইছ প্ৰচিকিউটৰ্স সকলে ফৌজদাৰী তদন্ত আৰম্ভ কৰিলেও বিশ্ব ফুটবল পৰিচালনা সংস্থাৰ সদস্য সকলক তেখেতে দিয়া চিঠি সন্দৰ্ভত লুকাবলগীয়া একো নাই ৷
চিঠিখনত ফিফাৰ চীফ গৰাকীয়ে 211 জনীয়া সদস্যলৈ উদ্দেশ্য কৰি কয় যে, এসপ্তাহ পূৰ্বে তেখেতৰ বিৰুদ্ধে আৰম্ভ হোৱা উক্ত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ বাস্তৱ ভিত্তিহীন ৷
উল্লেখ্য যে, বিশেষ তদন্তকাৰী দলটোৱে বিগত মাহত ফিফাৰ পৰা পদত্যাগ কৰা ইন্ফান্টিনো আৰু চুইচ এটৰ্নি জেনৰেল মাইকেল লাওবাৰৰ মাজত হোৱা বৈঠকৰ তদন্ত কৰিছে ৷
ইন্ফান্টিনো আৰু লাওবাৰক 2016 আৰু 2017 তেখেত সকলে কৰা এখনৰ পাছত আনখন বৈঠকৰ কাৰণ জানিব বিচৰাত ফিফা প্ৰধানগৰাকীয়ে কয় যে, ফিফাত হোৱা কেবাটাও কেলেংকাৰীৰ পাছত ফিফাৰ প্ৰতি ৰাইজৰ বিশ্বাস পুনৰুদ্ধাৰেই উক্ত সভা কেইখনৰ মূল বিষয় আছিল বুলি উল্লেখ কৰে ৷
তদুপৰি উক্ত সভাসমূহ কোনোপধ্যেই গোপন নাছিল তথা কোনো প্ৰকাৰে অবৈধও নাছিল বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক : ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড