ETV Bharat / sports

ভাৰতৰ বিশ্ববিজয়ী অধিনায়ক কপিল দেৱৰ আজি জন্মদিন - বিশ্ববিজয়ী অধিনায়ক

Kapil Dev 56th birthday: আজি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ ৬৫তম জন্মদিন । তেওঁ বেটিং আৰু বলিঙত জৰিয়তে ভাৰতীয় দলৰ হৈ বহুবাৰ অৰিহণা যোগাইছে । আজি আমি আপোনালোকক তেওঁৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছো ।

Kapil Dev 56th birthday
ভাৰতৰ বিশ্ববিজয়ী অধিনায়ক কপিল দেৱ
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 2:53 PM IST

স্পৰ্টছ ডেস্ক, ৬ জানুৱাৰী: ভাৰতৰ বিশ্ব বিজয়ী অধিনায়ক কপিল দেৱে আজি ৬৫ সংখ্যক জন্মদিন উদযাপন কৰিছে । কেৱল ভাৰতৰে নহয়, তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অল ৰাউণ্ডাৰ । বলিং আৰু বেটিং উভয়তে তেওঁ টিম ইণ্ডিয়াৰ হৈ আশ্চৰ্যকৰ প্ৰদৰ্শন দেখুৱাইছে । তেওঁৰ অধিনায়কত্বত ভাৰতে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰে । এই বিশ্বকাপত কপিল দেৱৰ প্ৰদৰ্শন যথেষ্ট উৎকৃষ্ট আছিল । আজি কপিল দেৱৰ জন্মদিন উপলক্ষে তেওঁৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাবলৈ ওলাইছো ।

কপিল দেৱৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা:

  • ১৯৫৯ চনৰ ৬ জানুৱাৰীত পঞ্জাৱৰ চণ্ডীগড়ত কপিল দেৱৰ জন্ম হৈছিল । তেওঁ পিতৃ ৰামলাল নিখাঞ্জ আৰু মাতৃৰ নাম ৰাজকুমাৰী । তেওঁৰ ৭ গৰাকী ভাই-ভনী আছে ।
Kapil Dev 56th birthday
ভাৰতৰ বিশ্ববিজয়ী অধিনায়ক কপিল দেৱ
  • ১৯৮০ চনত তেওঁ ৰ’মী ভাটিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় । এতিয়া এগৰাকী কন্যাও আছে যাৰ নাম অমিয়া দেৱ ।
Kapil Dev 56th birthday
ভাৰতৰ বিশ্ববিজয়ী অধিনায়ক কপিল দেৱ
  • কপিলে ১৯৭৮ চনত ফৈছালাবাদত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায়। ইয়াৰ উপৰিও তেওঁ এইবাৰ কুৱেটাত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটায়।
  • ১৯৮২-৮৩ চনত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত এদিনীয়া শৃংখলাত কপিল দেৱক টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল । ইয়াৰ পিছত তেওঁ ১৯৮৩ চনৰ বিশ্বকাপত ভাৰতৰ অধিনায়কত্ব কৰে ।
  • ১৯৮৩ চনৰ বিশ্বকাপত টিম ইণ্ডিয়াই কাপ জয় কৰিব বুলি কোনেও আশা কৰা নাছিল । কিন্তু ইংলেণ্ডত অনুষ্ঠিত এই বিশ্বকাপৰ ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি কপিল দেৱে সকলোকে আচৰিত কৰি তোলে ।
  • ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ফাইনেলত টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি ভাৰতে ৫৪.৪ অভাৰত ১৮৩ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । এই লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজ ১৪০ ৰাণত অল আউট হয় আৰু কপিল দেৱ বিশ্ব বিজয়ী অধিনায়ক হিচাপে পৰিগণিত হয় ।
  • ১৯৮৪ চনত ৱেষ্ট ইণ্ডিজে টেষ্ট আৰু এদিনীয়া খেলত ভাৰতক বেয়াকৈ পৰাস্ত কৰিছিল আৰু কপিলেও বিশেষ একো প্ৰদৰ্শন কৰিব নোৱাৰিলে । ইয়াৰ পিছত তেওঁক অধিনায়কৰ পদৰ পৰা অপসাৰণ কৰা হয় । এইটো আছিল তেওঁৰ কেৰিয়াৰৰ এটা বেয়া ভ্ৰমণ ।
  • ১৯৮৭ চনৰ বিশ্বকাপত কপিলক পুনৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়, য’ত ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈ ভাৰত বাহিৰ হয় । ইয়াৰ পিছত তেওঁৰ পৰা অধিনায়কত্ব কাঢ়ি লোৱা হ’ল আৰু তেওঁক কেতিয়াও অধিনায়ক নিযুক্তি দিয়া নহ’ল ।
  • কপিলক টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপেও নিযুক্তি দিয়া হয় । কিন্তু কিছু অভিযোগৰ বাবে তেওঁ ১০ মাহৰ ভিতৰত পদৰ পৰা পদত্যাগ কৰে ।
  • কপিলে অৰ্জুন বঁটা, পদ্মশ্ৰী বঁটা, পদ্ম ভূষণ আদি সন্মানেৰে সন্মানিত হৈছে ।
  • বলীউডৰ পৰিচালক কবীৰ খানে ৰণবীৰ সিঙৰ সৈতে কপিল দেৱৰ ওপৰত এখন বায়’পিক (১৯৮৩)ও নিৰ্মাণ কৰিছে।

কপিল দেৱৰ পৰিসংখ্যা:

কপিল দেৱে ১৩১খন খেলৰ ২২৭টা ইনিংছত ৮টা শতক আৰু ২৭টা অৰ্ধশতকৰে ৫২৪৮ ৰাণ সংগ্ৰহ কৰিছে আৰু বলিঙৰ লগতে ৪৩৪টা উইকেট সংগ্ৰহ কৰিছে । এই সময়চোৱাত তেওঁ ২৩ খন খেলত ৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে তেওঁ দুখন খেলত ১০টা উইকেট দখল কৰিছে । কপিলৰ এদিনীয়া কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁ ১ শতক আৰু ১৪টা অৰ্ধশতকৰে ২২৫খন খেলত ৩৭৮৩ ৰাণ সংগ্ৰহ কৰিছে । তেওঁ বলিং কৰি ২৫৩টা উইকেট দখল কৰিছে ।

লগতে পঢ়ক: 1 জুনৰ পৰা 29 জুনলৈ চলিব টি-২০ বিশ্বকাপ: 9 জুনত ভাৰত-পাকিস্তানৰ মেচ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.