ETV Bharat / sports

Virat Kohli Gautam Gambhir spat : খেলৰ অন্তত কোহলী গম্ভীৰৰ তৰ্কযুদ্ধ; অসন্তুষ্ট অনিল কুম্বলে - IPL 2023

বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত সৃষ্টি হোৱা তৰ্কযুদ্ধক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যি কথাক সমালোচনা কৰিছে অনিল কুম্বলেয়েও (Virat Kohli Gautam Gambhir spat) ৷

Anil Kumble on Gambhir Virat brawl
Virat Kohli Gautam Gambhir spat
author img

By

Published : May 2, 2023, 9:19 PM IST

নিউজ ডেস্ক, মে’: সোমবাৰে নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৩ৰ কম স্ক’ৰৰ খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১৮ ৰানত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে । প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ২০ অভাৰত ১২৬/৯ ৰান সংগ্ৰহ কৰে ৷ খেলখন চলি থকাৰ মাজতে বৰষুণে কিছু বিধি-পথালিও দিয়ে । আৰ চি বিৰ অধিনায়ক ফাফ ডু প্লেছিছে ৪৪ ৰান সংগ্ৰহ কৰি শীৰ্ষ স্ক’ৰাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে তেওঁৰ অপেনিং পাৰ্টনাৰ বিৰাট কোহলীয়ে ৩১ ৰান সংগ্ৰহ কৰে । এই যুটিয়ে ৯ অভাৰত ৬২ ৰান সংগ্ৰহ কৰে (RCB Vs LSG match news)।

ইনিংছ বিৰতিৰ পিচত আৰচিবিৰ বলাৰসকলে বিধ্বংসী বলিঙেৰে ১৯.৫ অভাৰত এল এছ জিক ১০৮ ৰানত অল আউট আউট কৰে ৷ পিটছখন বলাৰৰ বাবে সুন্দৰ আছিল যদিও বেটছমেনৰ বাবে প্ৰতিকূল হোৱা দেখা যায় । ফিল্ডিঙৰ সময়ত এল এছ জিৰ অধিনায়ক কে এল ৰাহুল আঘাতপ্ৰাপ্ত হৈ ৯ উইকেট পতনৰ পিচতহে বেটিং কৰিবলৈ আহে ৷ তেওঁৰ দলটোক ৮ টা বলত ২৪ ৰাণৰ প্ৰয়োজন হোৱাৰ সময়ত কোনো সহায় কৰিব পৰা নাছিল । আৰচিবিৰ বলাৰৰ ভিতৰত স্পিনাৰ কৰ্ণ শৰ্মা আৰু পেচমেন জছ হেজলউডে 2 টাকৈ উইকেট সংগ্ৰহ কৰে (Virat Kohli Gautam Gambhir spat) ।

ইফালে মেচখনৰ পিচত কোহলী আৰু ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰৰ মাজত কিছু বাক-বিতণ্ডা হোৱা দেখা যায় ৷ যিটো বিষয়ত বিশেষজ্ঞ অনিল কুম্বলে অসন্তুষ্ট হয় । তেওঁ কয়, "বহুত আৱেগ সোমাই যায় কিন্তু আপুনি ইয়াত সেই আৱেগসমূহ প্ৰদৰ্শন কৰিব নিবিচাৰে । এইটো গুৰুত্বপূৰ্ণ, আপুনি কথা-বতৰা পাতিব লাগিব । কিন্তু এইধৰণৰ বাক-বিতণ্ডা কৰাটো গ্ৰহণযোগ্য নহয় ।"(Anil Kumble comments on Virat Gambhir spat)

"যিয়েই নহওক, বিৰোধী দল আৰু খেলখনক সন্মান কৰিব লাগিব । খেল এখন শেষ হ'লেই হাত মিলাই টুপীটো টিপ দিব লাগিব, খেলুৱৈজনৰ ওচৰত নহয় খেলখনৰ প্ৰতি সেইটো এটা সন্মান ৷ সেয়া কৰাতো প্ৰয়োজনীয় । কি কোৱা হৈছিল, কিছুমান কথা হয়তো ব্যক্তিগত আছিল আৰু কোনেও ক্ৰিকেট খেলপথাৰত সেই ধৰণৰ ঘটনা হোৱাটো নিবিচাৰে । কিন্তু গৌতম, বিৰাট আৰু খেলুৱৈসকলৰ সেই কাৰ্যত জড়িত হ’ল ৷ সেয়া একেবাৰে ভাল কথা হোৱা নাছিল ৷’’ কুম্বলেয়ে কয় (Anil Kumble on Gambhir Virat brawl) ৷

লগতে পঢ়ক: IPL 2023 RCB Vs LSG: লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 18 ৰাণত পৰাস্ত কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে

ৰাহুলৰ আঘাতৰ সন্দৰ্ভত কুম্বলেয়ে কয় যে, যদি কে এল সম্ভৱতঃ ফিট হ’লহেঁতেন তেন্তে আমি ইয়াত এটা বেলেগ কাহিনী দেখিলোঁহেঁতেন ৷ বিশেষকৈ এই ধৰণৰ ক্ৰীজত । স্পিনাৰগৰাকীৰ প্ৰদৰ্শনত অত্যন্ত আপ্লুত হৈ ৰবিন উথাপ্পাই কয় যে, "ইমান ভাল প্ৰদৰ্শন কৰাৰ পিছত তেওঁক ড্ৰপ কৰা হৈছিল, বিশেষকৈ বেংগালুৰুত উইকেট পোৱাৰ পিছত । বৰ ব্যয়বহুল নহয়, কিন্তু তথাপিও উইকেট লাভ কৰা খেলুৱৈ ৷ যিটো বেংগালুৰুত অতি গুৰুত্বপূৰ্ণ । ইয়াৰ পিছত তেওঁ দলত অন্তৰ্ভুক্ত নাছিল ।" হাছাৰাংগা একাদশলৈ আহিল । টি-২০ খেলত কেতিয়াও বেছি লেগ স্পিনাৰ থাকিব নোৱাৰে নহয়নে ?" এইদৰে মত প্ৰকাশ কৰে উথাপ্পাই ৷ (IANS)

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.