ETV Bharat / sports

প্লে' অফত প্ৰৱেশৰ লক্ষ্যৰে মুম্বাই আৰু বেংগালুৰৰ প্ৰতিদ্বন্দিতা - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

48 সংখ্যক মেচত আজি প্ৰতিদ্বন্দিতা আগবঢ়াব মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলে ৷ প্ৰথমটো দল হিচাপে প্লে' অফত প্ৰৱেশৰ লক্ষ্যৰে মুখামুখি হ'ব দুয়ো দল ৷

MI vs RCB
মুম্বাই বনাম বেংগালুৰ
author img

By

Published : Oct 28, 2020, 3:50 PM IST

স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ : আইপিএলৰ 48 সংখ্যক মেচত আজি মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ এই মেচত জয়েৰে দুয়ো দলে প্লে' অফত প্ৰৱেশৰ বাবে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ পইন্ট তালিকাত দুয়ো দলে 14 পইন্টকৈ সংগ্ৰহ কৰাৰ লগতে নেট ৰাণ ৰেটৰ হিচাপত প্ৰথম স্থানত মুম্বাই থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বেংগালুৰ দল ৷

IPL 2020
বেংগালুৰ দল

মুম্বাই দলৰ অধিনায়ক ৰোহিত শৰ্মাই হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে পূৰ্বৰ দুখন মেচত অংশগ্ৰহণ কৰা নাছিল ৷ এই মেচতো তেওঁ অংশগ্ৰহণ কৰাৰ আশা ক্ষীণ ৷ তেওঁৰ পৰিৱৰ্তে কেইৰন পোলাৰ্ডে দলৰ দায়িত্ব গ্ৰহণ কৰিব ৷

মুম্বাই দলৰ শীৰ্ষ বেটছমেন কুইন্টন ডি কক, ইশান কিশান, সূৰ্যকুমাৰ যাদৱ আৰু সৌৰভ তিৱাৰী ভাল ফৰ্মত আছে ৷ পূৰ্বৰ মেচত ৰাজস্থানৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলেও সমগ্ৰ ছিজনটোত ভাল প্ৰদৰ্শন কৰি আহিছে ডি ককে ৷

দলটোৰ মিডল অৰ্ডাৰত আছে হাৰ্ডিক পাণ্ডিয়া, পোলাৰ্ড আৰু ক্ৰুনাল পাণ্ডিয়া ৷ ৰাজস্থানৰ বিৰুদ্ধে মেচত হাৰ্ডিকে 21 টা বলত 60 ৰাণৰ ইনিংছ গঢ়িবলৈ সক্ষম হৈছিল ৷

পেচাৰ জছপ্ৰীত বুমৰাহ আৰু ট্ৰেন্ট বল্টে দূৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ ইয়াৰোপৰি, দলৰ জয়ত অৰিহণা যোগাই আহিছে জেমছ পেটিনছন, নাথান কল্টাৰ নাইল আৰু স্পীন বলিঙত ৰাহুল চাহাৰ আৰু ক্ৰুনাল পাণ্ডিয়াই ৷

IPL 2020
মুম্বাই দল

আনহাতে, বেংগালুৰ দলো আঘাতৰ সমস্যাত ভূগিছে ৷ দলৰ পেচাৰ নৱদ্বীপ ছাইনী আঘাতপ্ৰাপ্ত হোৱা বাবে মেচত অংশগ্ৰহণ সন্দেহযুক্ত হৈ আছে ৷

বেংগালুৰৰ অপেনাৰ এৰন ফিন্সৰ ওপৰত দলটোৱে এতিয়াও ভাল প্ৰদৰ্শনৰ আশা কৰি আছে যদিও এই ছিজনৰ যুৱ খেলুৱৈ হিচাপে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে দেৱদত্ত পাল্লিকালে ৷ অপেনাৰৰ পাচতে দলৰ ৰাণ সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এবিডি ভিলিয়াৰ্ছ আৰু অধিনায়ক বিৰাট কোহলীয়ে ৷

অল ৰাউণ্ডাৰ ক্ৰিছ মৰিছ আৰু গুৰকিৰত মানে লৱাৰ মিডল অৰ্ডাৰত ভাল প্ৰদৰ্শন কৰাৰ আশা কৰা হৈছে ৷ ছাইনীৰ অনুপস্থিতিত মহম্মদ ছিৰাজৰ ওপৰত দলটো নিৰ্ভৰশীল ৷ লগতে স্পীন আক্ৰমণত থাকিব ৱাশ্বিংটন সুন্দৰ আৰু য়ুজবেন্দ্ৰ চাহাল ৷

উল্লেখ্য যে, দুয়োটা দলেই পূৰ্বৰ মেচত পৰাজয়ৰ সন্মুখীন হৈছিল ৷

IPL 2020
মুম্বাই দল

স্কোৱাড :

মুম্বাই ইণ্ডিয়ানছ : ৰোহিত শৰ্মা, আদিত্য তাৰে, অনমোলপ্ৰীত সিং, অনুকূল ৰয়স ক্ৰিছ লিন, ধৱল কূলকাৰ্ণী, দ্বিগ্বিজয় দেশমুখ, হাৰ্ডিক পাণ্ডিয়া, ইশান কিষান, জেমছ পেটিনছন, জছপ্ৰীত বুমৰাহ, জয়ন্ত যাদৱ, কেইৰন পোলাৰ্ড, ক্ৰুনাল পাণ্ডিয়া. মিটছেল মেকক্লেনাঘান, মহছিন খান, নাথান কল্টাৰ নাইল, প্ৰিন্স বলৱন্ত ৰায়, কুইন্টন ডি কক, ৰাহুল চাহাৰ, সৌৰভ তিৱাৰী, শ্বেৰফানে ৰাডাৰফৰ্ড, সূৰ্যকুমাৰ যাদৱ, ট্ৰেন্ট বল্ট ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ : বিৰাট কোহলী, এবিডি ভিলিয়াৰ্ছ, পাৰ্থিৱ পেটেল, এৰন ফিন্স, জছ বাটলাৰ, ক্ৰিছ মৰিছ, মইন আলি, মহম্মদ ছিৰাজ, শ্বাহবাজ আহমেদ, দেৱদত্ত পাডিক্কাল, য়ুজবেন্দ্ৰ চাহাল, নৱদ্বীপ ছাইনী, ডেল ষ্টেইন, পৱন নেগী, ইছুৰু উদানা, শিৱম ডুবে, উমেশ যাদৱ, গুৰকিৰত সিং মান, ৱাশ্বিংটন সুন্দৰ, পৱন দেশপাণ্ডে, আদাম জাম্পা ৷

লগতে পঢ়ক : আইপিএল 2020 ৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল চেন্নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.