স্পৰ্টছ ডেস্ক, ১০ অক্টোবৰ : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে মহিলাৰ টি-২০ শৃংখলা । দেওবাৰে এই শৃংখলাৰ অন্তিমখন খেল অষ্ট্ৰেলিয়াৰ অ'ভেলত অনুষ্ঠিত হৈছে । ইতিমধ্যে টছত জয়ী হৈ ভাৰতীয় মহিলা দলটোৱে বলিঙৰ সিদ্ধান্ত লৈছিল ।
তাৰ পাছতে অষ্ট্ৰেলিয়াৰ প্ৰথমে বেট ধৰি ২০ অভাৰত ১৪৯ ৰাণ সংগ্ৰহ কৰে । ১৫০ ৰাণৰ লক্ষ্যৰে এতিয়া হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে বেটিং কৰি আছে । অষ্ট্ৰেলিয়াৰ হৈ বেথ মুথিয়ে ৬১ ৰাণ আৰু তাহেলিয়া মেকগ্ৰাই ৮৮ ৰাণ সংগ্ৰহ কৰে । ইফালে প্ৰথম ইনিংছত ভাৰতীয় বলাৰ ৰাজেশ্বৰী গায়কৱাডে যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে ।
চাৰি অভাৰত দুটা উইকেট দখল কৰে গায়কৱাডে । সমান্তৰালকৈ ৰেণুকা সিং, পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মাই প্ৰত্যেকে ১ টা কৈ উইকেট দখল কৰে ।
লগতে পঢ়ক :IPL 2021: পইন্ট বৃদ্ধিৰ লক্ষ্যৰে পঞ্জাৱৰ বিৰুদ্ধে নামিছে চেন্নাই