ETV Bharat / sports

India vs West Indies women’s T20: টীম ইণ্ডিয়াৰ হাতত ধৰাশায়ী ৱেষ্ট ইণ্ডিজ

author img

By

Published : Feb 15, 2023, 9:38 PM IST

Updated : Feb 15, 2023, 10:02 PM IST

আইচিচি মহিলা টি-20 বিশ্বকাপত ৱেষ্ট ইণ্ডিজক 6 উইকেটক পৰাস্ত কৰে ভাৰতীয় দলে (India beat West Indies by 6 wickets) ৷ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু ৰিচা ঘোষে বিস্ফোৰক বেটিঙেৰে দলটোক জয়ী কৰায় ৷

India vs West Indies women’s T20
টীম ইণ্ডিয়াৰ হাতত ধৰাশায়ী ৱেষ্ট ইণ্ডিজ

স্পৰ্টছ ডেস্ক, 15 ফেব্ৰুৱাৰী: নিউজিলেণ্ডত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় মহিলা T20 ক্ৰিকেট বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে প্ৰতিদ্বন্দী ৱেষ্ট ইণ্ডিজক 6 উইকেটত পৰাস্ত কৰে(India vs West Indies women’s T20) ৷ আজিৰ মেচখন ৱেষ্ট ইণ্ডিজৰ বাবে নিৰ্ণায়ক মেচ আছিল যদিও ভাৰতৰ ওচৰত পৰাজয় স্বীকাৰ কৰে দলটোৱে ৷ কেপটাউনত ভাৰতীয় সময় অনুসৰি 6.30 বজাত আৰম্ভ হয় খেলখন ৷

আজিৰ কেলখনত টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় ৱেষ্ট ইণ্ডিজ দলটোৱে ৷ দ্বিতীয় অভাৰত 4 ৰাণতে প্ৰথমটো উইকেট হেৰুওৱাৰ পাচত দ্বিতীয় উইকেটৰ যুটিত 75 ৰাণ সংগ্ৰহ কৰে ৱেষ্ট ইণ্ডিজৰ টেইলৰ আৰু কেম্পবেল্লেয়ে ৷ টেইলৰে 40 টা বল খেলি 42 ৰাণ আৰু কেম্পবেলেয় 36 টা বলত 30 ৰাণ সংগ্ৰহ কৰে ৷ চেডিয়ান নেশ্যনে 21 ৰাণৰ বৰঙণি আগবঢ়ায় (ICC womens T 20 World Cup) ৷ নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজ দলটোৱে 118 ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতক জয়ৰ বাবে 119 ৰাণ লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতৰ হৈ সুন্দৰ বলিঙেৰে দিপ্তী শৰ্মাই ৱেষ্ট ইণ্ডিজৰ 3 টাকৈ উইকেট দখল কৰে(India beat West Indies by 6 wickets) ৷

দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতৰ দুই অ’পেনাৰ শেফালি বাৰ্মা আৰু স্মৃতি মান্ধানাই ৱেষ্ট ইণ্ডিজৰ বলাৰৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ কিন্তু ৰামহাৰাকৰ বলত 10 ৰাণ কৰি আউট হয় মান্ধানা ৷ আক্ৰমণাত্মক বেটিং কৰা শেফালিয়ে 28 ৰাণ কৰি পেভিলিয়নলৈ ওভতে (India vs West Indies women’s T20) ৷ 3 টা উইকেটৰ পতন ঘটনাৰ পাচত অধিনায়ক হৰমন প্ৰীত কৌৰ আৰু ৰিচা ঘোষে দলটোক স্থিতি প্ৰদান কৰি বিজয়ৰ সোৱাদ দিয়ে (Indian women cricket team beat West Indies) ৷ হৰমন প্ৰীত কৌৰে 33 ৰাণ আৰু ৰিচাই 44 ৰাণৰ সুন্দৰ ইনিংছ খেলে(India women vs West Indies) ৷ প্ৰথমখন গ্ৰুপ মেচত পাকিস্তানক 6 ইউকেটত পৰাস্ত কৰিছিল ভাৰতে (Indian women cricket team beat Pakistan) ৷

ভাৰতে 18 ফেব্ৰুৱাৰীত গ্ৰুপ বি পৰ্যায়ৰ পৰবৰ্তীখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ৷

থোৰতে স্ক’ৰব’ৰ্ড:

বেটিং:

ৱেষ্ট ইণ্ডিজ-

টেইলৰ-42(40)

কেম্পবেল্লে-30(36)

চেডিয়ান-21(18)

ভাৰত-

শেফালি-28(23)

কৌৰ-33(42)

ৰিচা-44(32)

বলিং:

ৱেষ্টি ইণ্ডিজ-

কৰিশ্মা- 2(14)

ভাৰত-

দিপ্তী- 3(15)

লগতে পঢ়ক: India vs West Indies women’s T20: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে উন্নত বলিঙৰ লক্ষ্য ভাৰতৰ

Last Updated : Feb 15, 2023, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.