স্পৰ্টছ ডেস্ক, 22 জুন : প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দৰ ছেহৱাগে শ্ৰীলংকা আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত মেচক লৈ মন্তব্য আগবঢ়াইছে ৷ উল্লেখ্য যে, বিশ্বকাপৰ 27 সংখ্যক মেচত 1996 চনৰ চেম্পিয়ন শ্ৰীলংকা দলে ইংলেণ্ড দলক শ্বাসৰুদ্ধকৰ মেচত 20 ৰাণত পৰাস্ত কৰে ৷
ইয়াৰ পাছতে ভাৰতৰ প্ৰাক্তন খেলুৱৈ গৰাকীয়ে টুইটাৰৰ জৰিয়তে মন্তব্য কৰে যে, শ্ৰীলংকা দলে যথেষ্ট সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷ ইয়াৰ পাছতে ইংলেণ্ডে ভাৰত, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখনকৈ মেচত অৱতীৰ্ণ হ'ব আৰু ইয়াৰে 2 খনত জয়ী হোৱাতো অনিবাৰ্য ৷ ইয়াৰ লগতে বিশ্বকাপত এতিয়াও ৰোমাঞ্চ বাকী আছে বুলি মন্তব্য কৰে তেওঁ ৷
উল্লেখ্য যে, মেচ খনত 'ফেভাৰেট' হিচাপে ইংলেণ্ড দল খেলপথাৰত নামিছিল যদিও লাচিথ মালিংগাৰ বিধংসী বলিঙৰ আগত হাৰ মানিবলৈ বাধ্য হ'ল আয়োজক দলটো ৷