ETV Bharat / sports

ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয়, ধৰাশায়ী পাকিস্তান - ICC world cup

বিশ্বকাপৰ দ্বিতীয়খন মেচত ৱেষ্ট ইণ্ডিজৰ ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয় ৷ 7 উইকেটত পৰাস্ত পাকিস্তান ৷

ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয়, ধৰাশায়ী পাকিস্তান
author img

By

Published : May 31, 2019, 8:29 PM IST

স্পৰ্টছ ডেস্ক, 31 মে’: ইংলেণ্ডৰ নটিংহামত অনুষ্ঠিত হোৱা বিশ্বকাপৰ দ্বিতীয়খন মেচত শক্তিশালী প্ৰদৰ্শনেৰে জয় লাভ কেৰিবিয়ান দল ৱেষ্ট ইণ্ডিজৰ ৷ পাকিস্তানক 106 ৰানত ধৰাশায়ী কৰি 7 উইকেটৰ বৃহৎ জয় ৱেষ্ট ইণ্ডিজৰ ৷

মেচখনত টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজ দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ৱেষ্ট ইণ্ডিজৰ আমন্ত্ৰণমৰ্মে বেটিং কৰিবলৈ আহি পাকিস্তান দলটোৱে 21.4 অভাৰত কেৱল 105 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ পাকিস্তাৰ হৈ কেৱল চাৰিগৰাকী খেলুৱৈ দুহকৰ ঘৰ চুবলৈ সক্ষম হয় ৷ ফাখাৰ জামান 22, বাবৰ আজম 22, মহম্মদ হাফিজ 16 আৰু ৱাহাৱ ৰিয়াজে 18 ৰান কৰিবলৈ সক্ষম হয় ৷

etv bharat
ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয়, ধৰাশায়ী পাকিস্তান

ৱেষ্ট ইণ্ডিজৰ হৈ অশ্বেন থমাছে সৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ আনহাতে জেছন হল্ডাৰে 3 টা, এন্ড্ৰে ৰাছেলে 2 টা আৰু শ্বলডন কটট্ৰেলে 1 টা উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷ 106 ৰানৰ লক্ষ্যটো অতিক্ৰম কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজে 13.4 অভাৰত 3 উইকেট হেৰুৱাই জয় লাভ কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ক্ৰীছ গেইলে 50 আৰু নিকল্ছ পুৰাণে অপৰাজিত 34 ৰান কৰি দলটোৰ জয় সুনিশ্চিত কৰে ৷ সুন্দৰ বলিঙৰ প্ৰদৰ্শন কৰা অশ্বেন থমাছক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.