ETV Bharat / sports

আফগানিস্তানৰ বিৰুদ্ধে নামিব ৱাৰ্ণাৰঃ ফিন্স

অন্ত পৰিল আফগানিস্তানৰ বিৰুদ্ধে ডেবিড ৱাৰ্ণাৰৰ খেলা নেখেলাক লৈ চলি থকা অনিশ্চয়তা ৷ অধিনায়ক এৰণ ফিন্সে ক’লে অন্তিম একাদশত থাকিব ৱাৰ্ণাৰ ৷

author img

By

Published : Jun 1, 2019, 5:26 PM IST

আফগানিস্তানৰ বিৰুদ্ধে নামিব ৱাৰ্ণাৰঃ ফিন্স

স্পৰ্টছ ডেস্ক, 1 জুনঃ শনিবাৰে 12 সংখ্যক বিশ্বকাপৰ নিজৰ প্ৰথমখন মেচত আফগানিস্তানৰ মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া ৷ ব্ৰিষ্টল ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি বিয়লি 6 বজাত আৰম্ভ হ’ব খেলখন ৷

etv bharat

মেচখনৰ পূৰ্বেই 1 বছৰৰ নিষেধাজ্ঞাৰ পিচত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পদাৰ্পণ কৰা অ’পেনাৰ বেটছমেন ডেবিড ৱাৰ্ণাৰৰ খেলা নেখেলাক লৈ বৰ্তি আছিল অনিশ্চিয়তা ৷ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন অনুশীলন মেচত ভৰিত আঘাতৰ সন্মুখীন হৈছিল ৱাৰ্ণাৰ ৷ কিন্তু সকলো অনিশ্চিয়তা দূৰ কৰি আফগানিস্তানৰ বিৰুদ্ধে অন্তিম একাদশ ৱাৰ্ণাৰ থকাৰ লগতে তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি কয় অধিনায়ক এৰণ ফিন্সে ৷ অষ্ট্ৰেলিয়াই নিজৰ দ্বিতীয়খন মেচ অহা 6 জুনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মুখামুখি হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.