স্পৰ্টছ ডেস্ক,১৪ মাৰ্চ: ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা বিজয় হাজাৰে ট্ৰফীৰ দেওবাৰে মুম্বাই আৰু উত্তৰ প্ৰদেশৰ মাজত ফাইনেল খেল অনুষ্ঠিত হয় । কিন্তু এই খেলৰ মাজতে মুম্বাই দলৰ অধিনায়ক পৃথ্বি শ্ব' আঘাতপ্ৰাপ্ত হয় । চলিত ট্ৰফীত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ গৰাকীয়ে ভৰিত আঘাত পোৱাৰ পিছত খেলপথাৰৰ পৰা ততালিকে লৈ যোৱা হয় ।
উত্তৰপ্ৰদেশৰ অ'পেনাৰ মাধৱ কৌশিকে মুম্বাইৰ লেগ স্পিনাৰ প্ৰশান্ত সোলাঙ্কীৰ এটা বলত শ্বট মাৰিছিল আৰু সেই বলটোৱে আঘাত কৰিছিল পৃথ্বি শ্ব'ক । প্ৰথম ইনিংছৰ ২৪ অ'ভাৰ চলি থকা সময়তে এই ঘটনা সংঘটিত হয় যিটো সময়ত প্ৰথম শ্লিপত ফিল্ডিং কৰি আছিল পৃথ্বি শ্ব' । আঘাত পোৱাৰ পিছতে প্ৰচণ্ড বিষত মাটিত বাগৰি যোৱা দেখা গৈছিল খেলুৱৈগৰাকীক ।
তেওঁক লগে লগে ফিজিঅ' আৰু তেওঁৰ সহকৰ্মীসকলে ফিল্ডৰ পৰা আঁতৰাই লৈ যায় । কিন্তু মুম্বাইৰ ইনিংছত পৃথ্বি শ্ব'ই বেটিং কৰিবলৈ সক্ষম হ'ব নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই কিন্তু দুৰ্দান্ত খেলুৱৈ গৰাকী এনেদৰে আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে এতিয়া দলটোৰ লগতে মুম্বাইৰ দৰ্শকক চিন্তিত দেখিবলৈ পোৱা গৈছে ।
উল্লেখ যে চলি থকা টুৰ্ণামেন্টত এতিয়ালৈ এটা অপৰাজিত দ্বি শতকসহ মুঠ চাৰিটা শতক নিজৰ নামত কৰিবলৈ সক্ষম হৈছে পৃথ্বি শ্ব' ।