স্পৰ্টছ ডেস্ক, 23 মে’: আগন্তুক 30 মে’ৰ ইংলেণ্ড এণ্ড ৱেলছত অনুষ্ঠিত হ’ব আই চি চি ৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট বিশ্বকাপ ৷ বিশ্বকাপৰ পূৰ্বেই এতিয়া চৰ্চা হৈছে কোন হ’ব এইবাৰৰ চেম্পিয়ন ৷ ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শচীনৰ মতে এইবাৰৰ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে স্থান লাভ কৰিবলৈ সক্ষম হ’ব ৷ আনহাতে শচীনৰ মতে ছেমিফাইনেলৰ অন্তিমটো দল হ’ব পাৰে পাকিস্তান অথবা নিউজিলেণ্ড ক্ৰিকেট দলটো ৷
ইতিমধ্যে খিতাপৰ বাবে ভাৰতৰ লগতে আয়োজক দেশ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াক প্ৰবল দাবীদাৰ বুলি অনুমান কৰা হৈছে ৷ অৱশ্যে এইবাৰৰ বিশ্বকাপ হ’ব 1992 চনত অনুষ্ঠিত হোৱা ৰাউণ্ড ৰবীন ফৰ্মেটত ৷ গতিকে কোন দলে জয়ী হ’ব সেয়া সময়ত হে পৰিলক্ষিত হ’ব ৷