ETV Bharat / sports

বিধ্বস্ত পাকিস্তান,ৱেষ্টইণ্ডিজৰ শক্তিশালী প্ৰদৰ্শন - ইংলেণ্ড

বিশ্বকাপৰ দ্বিতীয়খন মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিধ্বস্ত পাকিস্তান ৷ 105 ৰানত অল আউটৰ সন্মুখীন পাকিস্তান ক্ৰিকেট দল ৷

বিধ্বস্ত পাকিস্তান, ৱেষ্টইণ্ডিজৰ শক্তিশালী প্ৰদৰ্শন
author img

By

Published : May 31, 2019, 6:54 PM IST

Updated : May 31, 2019, 8:19 PM IST

স্পৰ্টছ ডেস্ক, 31 মে’: ইংলেণ্ডৰ নটিংহামত অনুষ্ঠিত হোৱা বিশ্বকাপৰ দ্বিতীয়খন মেচত শক্তিশালী প্ৰদৰ্শন ৱেষ্ট ইণ্ডিজৰ ৷ পাকিস্তানৰ বিৰুদ্ধে জয়ৰ বাবে প্ৰয়োজন কেৱল 106 ৰানৰ ৷ মেচখনত টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজ দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৱেষ্ট ইণ্ডিজৰ আমন্ত্ৰণমৰ্মে বেটিং কৰিবলৈ আহি চৰম বিপৰ্যয়ৰ সন্মুখীন হয় পাকিস্তান দলটো ৷ দলটোৱে নিজৰ প্ৰথমটো উইকেট হেৰুৱাই 17 ৰানত ৷ ইয়াৰ পাচত ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বলিঙৰ আগত কোনো এগৰাকী পাকিস্তানৰ খেলুৱৈ ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰি সম্পূৰ্ণ দলটো 21.4 অভাৰত 105 ৰানত অল আউট হয় ৷

etv bharat
বিধ্বস্ত পাকিস্তান, ৱেষ্টইণ্ডিজৰ শক্তিশালী প্ৰদৰ্শন

পাকিস্তানৰ হৈ কেৱল চাৰিগৰাকী খেলুৱৈয়ে হে দহকৰ ঘৰ চুবলৈ সক্ষম হয় ৷ ফাখাৰ জামান 22,বাবৰ আজম 22,মহম্মদ হাফিজ 16 আৰু ৱাহাৱ ৰিয়াজে 18 ৰান কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজৰ হৈ অশ্বেন থমাছে সৰ্বাধিক 5.4 অভাৰত 27 ৰান দি 4 টা উইকেট দখল কৰে ৷ আনহাতে জেছন হল্ডাৰে 3 টা, এন্ড্ৰে ৰাছেলে 2 টা আৰু শ্বলডন কটট্ৰেলে 1 টা উইকেট লাভ কৰে ৷

Last Updated : May 31, 2019, 8:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.