স্পৰ্টছ ডেস্ক, 9 জুলাই : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰতৰ সন্মুখত 240 ৰাণৰ সীমা নিৰ্ধাৰণ কৰিছে নিউজিলেণ্ড দলে ৷ বৰষুণৰ বাবে মঙলবাৰৰ মেচখন বুধবাৰে অনুষ্ঠিত হোৱাৰ পাছত নিউজিলেণ্ডে 8 টা উইকেট হেৰুৱাই 239 ৰাণ সংগ্ৰহ কৰে ৷
নিউজিলেণ্ডৰ হৈ সৰ্বাধিক 74 ৰাণ সংগ্ৰহ কৰে ৰ'ছ টেইলাৰে ৷ তেওঁৰ উপৰি অধিনায়ক কেন উইলিয়ামছনে 67 ৰাণৰ ইনিংছ খেলে ৷
ভাৰতৰ হৈ সৰ্বাধিক 3 টা উইকেট দখল কৰে ভূৱনেশ্বৰ কুমাৰে ৷