ETV Bharat / sports

দ্বিতীয় টেষ্টত ঈশান্ত শৰ্মাৰ স্থানত উমেশ যাদৱ

ফিটনেছ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বেগী বলাৰ ঈশান্ত শৰ্মাক ৷ খেলুৱৈগৰাকীৰ নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত অংশগ্ৰহণৰ সম্ভাৱনা কম বুলি জানিবলৈ দিছে টীম মেনেজমেণ্টে ৷

India vs New Zealand: Ishant Sharma to miss 2nd Test
আঘাতপ্ৰাপ্ত ঈশান্ত শৰ্মা
author img

By

Published : Feb 28, 2020, 6:19 PM IST

নিউজ ডেস্ক , 28 ফেব্ৰুৱাৰীঃ আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব লগা তৃতীয় টেষ্টত অংশগ্ৰহণৰ সুবিধাৰ পৰা বঞ্চিত হ’ব ভাৰতৰ বেগী বলাৰ ঈশান্ত শৰ্মা ৷ উল্লেখযোগ্য যে , নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত প্ৰথম টেষ্টত পাঁচটা উইকেট দখল কৰিছিল খেলুৱৈ গৰাকীয়ে ৷

India vs New Zealand: Ishant Sharma to miss 2nd Test
ফিটনেছ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বেগী বলাৰ ঈশান্ত শৰ্মাক

শুকুৰবাৰে দ্বিতীয় টেষ্টৰ বাবে হোৱা দলীয় অনুশীলনত অনুপস্থিত থাকে খেলুৱৈ গৰাকী ৷ পাছত খেলুৱৈগৰাকীক শাৰীৰিক ফিটনেছ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ বৰ্তমান টীম ইণ্ডিয়াৰ দল নিৰ্বাচক তথা ব্যৱস্থাপনা সমিতিয়ে খেলুৱৈ গৰাকীৰ শাৰীৰিক ফিটনেছ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে ৷ বিশেষ সূত্ৰ অনুসৰি যদি ঈশান্ত শৰ্মা দ্বিতীয় টেষ্টৰ বাবে শাৰীৰিকভাৱে সাজু হৈ নুঠে,তেন্তে তেওঁৰ স্থানত বেগী বলাৰ উমেশ যাদৱে স্থান লাভ কৰাৰ সম্ভাৱনা আছে

India vs New Zealand: Ishant Sharma to miss 2nd Test
আঘাতপ্ৰাপ্ত ঈশান্ত শৰ্মা

খেলুৱৈ গৰাকীয়ে 2019-20 বৰ্ষত ৰঞ্জী ট্ৰফীৰ সময়ত গোৰোহাত পোৱা আঘাতৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে টীম মেনেজমেণ্টে ৷ উল্লেখযোগ্য যে, বাংগালুৰোত অনুষ্ঠিত হোৱা নেশ্যনেল ক্ৰিকেট একাডেমীৰ শাৰীৰিক ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হৈ টেষ্ট ক্ৰিকেট দলত স্থান লাভ কৰিছিল ঈশান্ত শৰ্মাই ৷ টেষ্ট ক্ৰিকেটত 300 উইকেট দখল কৰা তৃতীয় গৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে অভিলেখ স্থাপন কৰিবলৈ খেলুৱৈ গৰাকীক বৰ্তমান মাত্ৰ 3 টা উইকেটৰ প্ৰয়োজন ৷ 29 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ খ্ৰীষ্টচাৰ্চত অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ দ্বিতীয় টেষ্ট ৷

লগতে পঢ়কঃদুই ধৰ্ষণকাৰীক যাৱৎজ্জীৱন কাৰাদণ্ডৰ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.