স্পৰ্টছ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ ইণ্ডেন গাৰ্ডেনৰ পৰা পাকিস্তানৰ খেলুৱৈৰ আলোকচিত্ৰআঁতৰোৱাক লৈ ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বংগাল ক্ৰিকেট সংঘৰ অধ্য়ক্ষ সৌৰভ গাংগুলিৰ প্ৰতিক্ৰিয়া । গাংগুলীয়ে ক'লে অতি সোনকালেই লোৱা হ'ব এই বিষয়ত সিদ্ধান্ত ।
উল্লেখ্য় যে, শনিবাৰে বিজেপিযুৱ মৰ্চাৰ কাৰ্যকৰ্তাই পাকিস্তানৰ খেলুৱৈৰ আলোকচিত্ৰ আঁতৰোৱাৰ দাবী তুলিইণ্ডেন গাৰ্ডেন ষ্টেডিয়ামৰ বাহিৰত বিক্ষোপ প্ৰদৰ্শন কৰে । যাৰ পিচত এই মন্তব্য় কৰে গাংগুলীয়ে । প্ৰতিবাদকাৰীয়ে বৰ্তমানৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন পাকিস্তানী খেলুৱৈ ইমৰাণ খান আৰু অন্য পাকিস্তানী খেলুৱৈৰ ছবি আঁতৰোৱাৰ দাবী উত্থাপন কৰে। ইপিনে পাঞ্জাৱ আৰু ৰাজস্থান ক্ৰিকেট সংঘই ইতিমধ্য়েই পাকিস্তানী খেলুৱৈৰ আলোকচিত্ৰ ষ্টেডিয়ামৰ পৰা আঁতৰাই দিছে । পুলৱামাত চিআৰপিএফ জোৱানৰ ওপৰতসন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰপাচতেই এই সিদ্ধান্ত লোৱা হয় ।